“মহিলাসকলে কয় কেনেকৈ তেওঁলোকে গুৰদ্বাৰাত নাম-কীৰ্তন কৰা সময়ত মেনেজমেণ্টৰ মানুহে মাইক অফ কৰি থয়। তেওঁলোকৰ ধোলকি (ঢোল)জনক চৌহদৰ বাহিৰতে ৰাখে,” গুৰদাসপুৰ জিলাৰ কাহনুৱানৰ পৰা প্ৰব্ৰজিত হৈ অহাৰ পিছত এতিয়া দিল্লীত ৪১ বছৰ ধৰি বসবাস কৰি থকা নৰিন্দৰ কৌৰে কয়। 

৬৩ বছৰ বয়সীয়া মহিলাগৰাকী নতুন দিল্লীৰ এগৰাকী শ্ৰদ্ধাৰ কীৰ্তানিয়া। শিখসকলৰ পৱিত্ৰ ধৰ্মগ্ৰন্থ গুৰু গ্ৰন্থ চাহিবৰ পৰা তেওঁ শিখ মহিলাসকলক ধৰ্মীয় গীত-মাতৰ প্ৰশিক্ষণ দিয়ে আৰু নিজে গায়। এই সংগীতৰ নাম সবাদ কীৰ্তন আৰু গুৰদ্বাৰাত এয়া গোৱা হয়। 

সংগীতত ইমান কুশলী হোৱা স্বত্ত্বেও তেওঁ আন শিখ মহিলাৰ দৰেই শিখসকলৰ উপাসনাস্থলত সংগীতৰ স্বীকৃতি পাবলৈ ভালেখিনি সংগ্ৰাম কৰিবলগীয়া হৈছিল। 

দিল্লী শিখ গুৰদ্বাৰা ব্যৱস্থাপনা কমিটিখনে পৱিত্ৰ ধৰ্মগ্ৰন্থখনৰ পৰা কোনে কোনদিনা গাব, বাদ্যযন্ত্ৰী কোন হ’ব সেয়া সিদ্ধান্ত লয়, কমিটিয়ে আটাইখিনি পৰিচালনা কৰে। ২০২২ৰ পৰিচালক মণ্ডলীখনত এইখিনি কথা আছে। নৰিন্দৰে জানিব পৰা মতে ৬২ গৰাকী ৰাগি আৰু ধাৰিত এগৰাকীও মহিলাৰ নাম নাই। কাবি (কবি)সকলৰ অৱস্থা অলপ ভাল, ২০ গৰাকীৰ ভিতৰত আঠ গৰাকী মহিলা আছে।   

“মোক দিল্লীৰ গুৰদ্বাৰাত কোনো ডিউটি নিদিয়াৰ অহামাহলৈ এবছৰেই হ’ব,” ২০২২ৰ আৰম্ভণিৰ ভাগত কবি হিচাপে নিযুক্তি পোৱা বিবি ৰজিন্দৰ কৌৰে কয়। 

বাওঁফালে: নৰিন্দৰ কৌৰে কীৰ্তন প্ৰতিযোগিতাত ভাগ ল’বলৈ মহিলাসকলক গোটাইছে। আলোকচিত্ৰ: হৰ্মন খুৰানা। সোঁফালে: দিল্লী ফাটেহ দিৱসত নৰিন্দৰ কৌৰে আন সদস্যসকলৰ সৈতে জাঠাৰ সময়ত পৰিৱেশন কৰিছে। সৌজন্য: নৰিন্দৰ কৌৰ

শিখসকলৰ আচৰণ আৰু নিয়মাৱলীৰ ৰাজহুৱা নিয়মাৱলী শিখ ৰেহত মৰ্য্যাদাত কোৱা হৈছে যে যিকোনো বেপ্টাইজড শিখ লোকে গুৰদ্বাৰাত কীৰ্তন পাঠ কৰিব পাৰে, লিংগভিত্তিক ভেদাভেদ ইয়াত নাই। আনকি শিৰোমণি গুৰদ্বাৰা প্ৰবন্ধক কমিটি (এছ.জি.পি.চি.) যাক গুৰদ্বাৰাৰ ব্যৱস্থাপনাৰ সৰ্বোচ্চ কৰ্তৃপক্ষ বুলি বিবেচনা কৰা হয়, সেই কমিটিখনেও মহিলাৰ অন্তৰ্ভুক্তিকৰণ কথা কৈছে। কমিটিখনৰ নিৰ্দেশনা সমগ্ৰ পাঞ্জাৱ, হাৰিয়ানা, হিমাচল প্ৰদেশ আৰু চত্তীশগড়ত চলে। 

ইমানখিনি অংগিকাৰ থকা স্বত্ত্বেও বহু বহু শিখ লোকে মহিলাসকলক গুৰদ্বাৰাৰ ধৰ্মীয় কাম-কাজত অনুমতি দিয়া উচিত নহয় বুলি ভাবে, সেয়ে মহিলা গায়িকাসকল উপেক্ষিত হৈ ৰয়। 

লিংগভিত্তিক অসমতাৰ কথা কৈ কীৰ্তনকাৰ জছৱিন্দৰ কৌৰে প্ৰশ্ন কৰে, “এগৰাকী একান্ত ভক্ত, পৰিপাটি আৰু সংগীতৰ প্ৰশিক্ষণ থকা মহিলাক কিয় স্বৰ্ণ মন্দিৰৰ মূল গৃহত পৰিদৰ্শন কৰিব নোৱাৰে, একেটা চৌহদৰে আন গুৰদ্বাৰাত দেখোন তেওঁলোকে পৰিৱেশন কৰি আহিছে?” ৬৯ বছৰ বয়সীয়া জছৱিন্দৰ নতুন দিল্লীৰ মাতা সুন্দৰী কলেজত গুৰমত সংগীতৰ প্ৰফেছৰ। তেওঁ গুৰমত সংগীতৰ প্ৰশিক্ষণ দিয়ে, গুৰমত সংগীত এক সাংগীতিক পৰম্পৰা, ধৰ্মটোৰ সমানেই পুৰণি। 

মহিলাসকলে শিখসকলৰ উপাসনাৰ আটাইতকৈ পৱিত্ৰ স্থল, স্বৰ্ণ মন্দিৰৰ অভ্যন্তৰিণ গৃহত পৰিৱেশন কৰিব নোৱাৰে। এছ.জি.পি.চি.ৰ আনকি সচিব বিবি জাগিৰ কৌৰ নিজেই এগৰাকী মহিলা হোৱা স্বত্ত্বেও মুৰব্বীসকলে সদায় এই বিষয়ত মৌন হৈ ৰয়। তেওঁ ২০০৪-০৫ত এই বিষয়টো উত্থাপন কৰিছিল আৰু কৈছিল যে মহিলাসকলে কীৰ্তন পাঠ কৰাৰ বাবে তেওঁ আহ্বান জনাইছিল। কিন্তু কোনো এখন দৰ্খাস্তই যোগ্য নাছিল, বিষয়টো সিমানতে থমকি ৰ’ল।

দশমজন শিখ গুৰু গুৰু গোবিন্দ সিঙে প্ৰতিষ্ঠা কৰা খ্ৰীষ্ট্ৰীয় ধৰ্ম-যাজকক প্ৰশিক্ষণ দিয়া প্ৰতিস্থান দামদামি তাক্সালে তেওঁৰ এই সিদ্ধান্তৰ প্ৰতিবাদ কৰিছিল। এইজন গুৰুৱেই শিখসকলৰ বাবে আনুষ্ঠানিক আচৰণবিধি প্ৰস্তুত কৰিছিল। শিখসকলৰ গুৰুসকলেই আগতে কীৰ্তন পাঠ কৰিছিল, এতিয়া এনেদৰে মহিলাক পাঠ কৰিবলৈ দিলে স্বৰ্ণমন্দিৰৰ সেই পৰম্পৰা নষ্ট হ’ব – তাক্সালে এই ধৰণে বিষয়টো বিবেচনা কৰে। 

একাধিকবাৰ এই পৰম্পৰা সলনি কৰিবলৈ চেষ্টা কৰা হৈছে। ১৯৪০ত প্ৰথম বেপ্টাইজড শিখ মহিলাক কীৰ্তন পাঠ কৰাৰ অধিকাৰক এছ.জি.পি.চি.য়ে সন্মতি দিছিল। ১৯৯৬ত আকাল তখতে পুনৰাই এক হুকুমনামাৰ জৰিয়তে জাৰি কৰিছিল যদিও লিংগ বিভাজন থাকি গ’ল।  

২০১৯ৰ নৱেম্বৰত পাঞ্জাৱ বিধান সভাই এক প্ৰস্তাৱ উত্থাপন কৰি আকাল তখত (অস্থায়ী শিখ নিকায়) আৰু এছ.জি.পি.চি.ক অনুৰোধ জনালে যে মহিলাসকলক স্বৰ্ণ মন্দিৰৰ একেবাৰে অভ্যন্তৰভাগত কীৰ্তন কৰিবলৈ অনুমতি দিব লাগে। কিন্ত এই প্ৰস্তাৱ গৃহীত হোৱাৰ আগতেই বিধানসভাৰ বহু সদস্যই ধৰ্মীয় সমাজখনত ৰাজ্যৰ হস্তক্ষেপ অনুচিত বুলি এই প্ৰস্তাৱৰ তীব্ৰ বিৰোধিতা কৰিলে। 


বিয়া হোৱাৰ আগতে চিমৰণ কৌৰে হোশিয়াৰপুৰ জিলাৰ সোহিয়ান গাঁৱৰ গুৰদ্বাৰা গুৰু ৰবিদাস জীত তেওঁৰ ভনীয়েকহঁতৰ সৈতে এঘণ্টাৰ বাবে কীৰ্তন পাঠ কৰিছিল। ২৭ বছৰীয়া চিমৰণে স্থানীয় সৰু গুৰদ্বাৰা সন্ত বাবা মীহান সিং জীলৈ প্ৰতিদিনে গৈছিল। তেওঁ তাত মহিলাসকলে কীৰ্তন পাঠ কৰা দেখিছিল, সেয়া অস্বাভাৱিক বুলি বিবেচনা কৰা হোৱা নাছিল। সৰু গুৰদ্বাৰাবোৰ এছ.জি.পি.চি.ৰ অধীনত নপৰে, সেয়ে ব্যৱস্থাপনাৰ দিশত ইমান কঠোৰ নহয় বুলি তেওঁ ভাবে। 

“গাঁৱত ঘাইকৈ মহিলাসকলেই গুৰদ্বাৰা চম্ভালে। পুৰুষবোৰে পুৱাই কামলৈ ওলাই যায়। যিয়েই প্ৰথমে গুৰদ্বাৰা পায়, তেঁৱেই অনুশীলন আৰম্ভ কৰে,” চিমৰণে কয়।

সকলো গাঁৱৰ ক্ষেত্ৰত একে পৰিৱেশ দেখা নাযাবও পাৰে, কিন্তু হৰমনপ্ৰীত কৌৰৰ অভিজ্ঞতাই কয় যে পৰিস্থিতি সলনি হৈছে। তৰন তাৰণ জিলাৰ পাট্টিৰ যুৱ কীৰ্তনকাৰ ১৯ বছৰীয়া হৰমনপ্ৰীতে কয় যে বিবি ৰজনী জী গুৰদ্বাৰাত স্থানীয় মহিলাক পাঠ কৰা তেওঁ দেখা নাই। তেওঁৰ পিতৃয়ে গুৰদ্বাৰাত ৰাজহুৱা উপাসনাৰ সময়ত গুৰু গ্ৰন্থ চাহিব পাঠ কৰে, তেঁৱেই হৰমনপ্ৰীতক কীৰ্তন কৰা শিকাইছিল। এতিয়া তেওঁ বিশেষ পৰ্ব কিছুমানত পৰিৱেশন কৰে।

বাওঁফালে: চিমৰণ কৌৰৰ খুৰীয়েকে জীয়েকৰ সৈতে গুৰু ৰবিদাসৰ আবিৰ্ভাৱ তিথি উপলক্ষে ২০০৬ত গীত গাইছে। জছৱিন্দৰ কৌৰৰ সৌজন্যত। সোঁফালে: চিমৰণে বিয়া হোৱাৰ পিছত কীৰ্তন কৰা হোৱা নাই, কিন্তু ওচৰৰে ক’ৰবাত গুৰদ্বাৰা পালে তেওঁ পুনৰাই সেয়া আৰম্ভ কৰিব। আলোকচিত্ৰ: জছৱিন্দৰ কৌৰ

পাঠানকোট চহৰৰ পৰা ১০০ কিলোমিটাৰ দূৰৰ ৫৪ বছৰ বয়সীয়া দিলবাগ সিঙে কয় যে গুৰু সিং সভা গুৰদ্বাৰাত শনিবাৰে কেইঘণ্টামানৰ কাৰণে মহিলাই কীৰ্তন আৰু প্ৰাৰ্থনা কৰে। উৎসৱৰ সময়ত পৰিৱেশৰ বাবে তেওঁলোকৰ মহিলাৰ দ্বাৰা পৰিচালিত ব্যক্তিগত সাংগীতিক গোটো আছে। 

পাঞ্জাৱী বিশ্ববিদ্যালয়, পাটিয়ালাৰ পৰা শিখ অধ্যয়ন আৰু ধৰ্মীয় অধ্যয়নত দুটাকৈ স্নাতকোত্তৰ ডিগ্ৰী থখা ২৫ বছৰীয়া সুখদ্বীপ কৌৰ পাঞ্জাৱৰ সংগৰুৰ জিলাৰ লাচৈ থাকে। তেওঁ এই লিংগভিত্তিক আধিপত্যৰ বিষয়টোক পুৰুষক দোষাৰোপ কৰাটো অন্যায় বুলি মন্তব্য় কৰে। তেওঁ কয় যে গুৰদ্বাৰাত পূৰ্ণকালীন ভূমিকা পালন কৰাটো মহিলাৰ কাৰণে টান কাম আৰু মহিলাই “গীত-প্ৰাৰ্থনা কৰাতকৈ ল’ৰা-ছোৱালীক চোৱা আৰু ঘৰখন চম্ভালাটো” ভাল।  

নৰিন্দৰ কৌৰে ভাবে যে মহিলাই সকলোখিনি মিলাই চলিব পাৰে। ২০১২ত তেওঁ গুৰবাণী বিৰ্ছা সম্ভাল সৎসংগ জাঠা গঠন কৰি সকলো মহিলাক একলগ কৰিছিল যাতে তেওঁলোকে গুৰদ্বাৰাত কেইঘণ্টামানৰ কাৰণে প্ৰাৰ্থনা কৰিব পাৰে। “তেওঁলোকে ল’ৰা-ছোৱালীকো চাইছিল, ঘৰো চম্ভালিছিল। এজন সিঙতকৈ (শিখ পুৰুষ) তেওঁলোকৰ সেৱা দুগুণ,” তেওঁ কয়। 

শিখ সংখ্যালঘু কলেজবোৰত থকা ডিভাইনিটি ছ’চাইটিবোৰ শিখ শিক্ষাৰ্থীয়ে গুৰমত সংগীতৰ প্ৰশিক্ষণ লোৱাৰ থল। কাজল চাৱলা, এতিয়া যিগৰাকীৰ নাম কিৰপা কৌৰ, তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ গুৰু গোবিন্দ সিং কলেজৰ পৰা ২০১৮ত অৰ্থনীতিত স্নাতক ডিগ্ৰী লাভ কৰিছিল। কলেজত থকা সময়চোৱাত ২৪ বছৰীয়া ছাত্ৰীগৰাকী কলেজৰ ডিভাইনিটি ছ’ছাইটি বিছমাদৰ এগৰাকী সক্ৰিয় সদস্য আছিল। তেওঁ সেই ছ’চাইটিৰ সৈতে এতিয়াও জৰিত আৰু কয়, “আমাৰ সদস্যসকল বিভিন্ন ঠাইৰ পৰা আহে আৰু তেওঁলোকক কীৰ্তন, কবিতা আৰু ডিক্লেমেচনৰ কাৰণে প্ৰশিক্ষণ দিয়া হয়। কলেজৰ উৎসৱবোৰত আমি প্ৰস্তুতি চলাও আৰু আমাৰ আত্মবিশ্বাস বাঢ়ে।”

বাওঁফালে: সুখদ্বীপ কৌৰ (২৫) এগৰাকী কথাবাচক (শিখসকলৰ ইতিহাসৰ কথক) হ’ব খোজে। সুখদ্বীপ কৌৰৰ সৌজন্যত। সোঁফালে: চিমৰজীত কৌৰে ফৰিদাবাদৰ নিজ একাডেমিত শিকায়। চিমৰজীত কৌৰৰ সৌজন্যত। তলত: নৰিন্দৰ কৌৰ আৰু তেওঁৰ গোটটোৱে যাত্ৰা হাজুৰ চাহিবত পৰিৱেশন কৰিছে। নৰিন্দৰ কৌৰৰ সৌজন্যত 

“জৌ জ্যাদা ৰিয়াজ কৰেগা, ৱৌহ ৰাজ কৰেগা (যিয়েই বেছি অনুশীলন কৰিব, সিয়ে মঞ্চত জিলিকব),” দিল্লী বিশ্ববিদ্যালয়ৰ খালছা কলেজৰ এছ.জি.টি.বি.ৰ ডিভাইনিটি ছ’চাইটিৰ বাবে তবলা বজোৱা ২৪ বছৰ বয়সীয়া বাকছন্দ সিঙে কয়। ইয়াৰে শিক্ষাৰ্থীয়ে গুৰদ্বাৰাত আৰু দিল্লীৰ আন অনুষ্ঠানত পৰিৱেশন কৰে আৰু আন ৰাজ্যলৈও যায়।

কিন্তু যুৱ শিখসকলৰ উদ্যোগ থকা স্বত্ত্বেও সিয়ে সঠিক স্বীকৃতি পোৱা নাই। “বহু মহিলাই গুৰদ্বাৰাত পৰিৱেশন কৰে যদিও তেওঁলোকক ৰাগি বা গ্ৰন্থী হিচাপে নিযুক্তি দিয়া মই দেখা নাই,” দিল্লী শিখ গুৰদ্বাৰা মেনেজমেণ্ট কমিটি (ডি.এছ.জি.এম.চি.)ৰ প্ৰাক্তন সদস্য ৫৪ বছৰ বয়সীয়া চমন সিঙে কয়। মহিলাসকলক ক্লাৰিকেল আৰু একাউণ্টিং আদি কামত নাইবা লংগৰত ৰন্ধা-বঢ়াৰ কামত নিয়োজিত কৰি ৰখা হয়। কীৰ্তনকাৰৰ দৰমহা প্ৰতিমাহে ৯ৰ পৰা ১৬ হাজাৰ টকা। 

“গুৰদ্বাৰাৰ পৰিচালনা সমিতিৰ হাততে ক্ষমতা ন্যস্ত থাকে। তেওঁলোকে গুৰুপুৰব (উৎসৱ) বা সমাগম (ব্যক্তিগত ধৰ্মীয় পৰ্ব) পাতিলেও কিয় যুৱচামৰ শিক্ষাৰ্থী আৰু মহিলাক আগবঢ়াই নানি প্ৰতিষ্ঠিত ৰাগিসকলকে মাতে?” দিল্লীৰ পৰমপ্ৰীত কৌৰে প্ৰশ্ন কৰে। 

৩২ বছৰীয়া পৰমপ্ৰীতে পাটিয়ালাৰ পাঞ্জাৱী বিশ্ববিদ্যালয়ৰ পৰা গুৰমত সংগীতত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে আৰু হিন্দুস্তানী সংগীতৰ প্ৰশিক্ষণো লৈছে। তেওঁৰ কণ্ঠ আন যুৱ মহিলাৰ দৰেই প্ৰভাৱী হৈ পৰিছে। এটা সময়ত তেওঁলোকৰ কণ্ঠই গুৰদ্বাৰাৰ উপাসনাস্থলৰ পৰা মানুহে শুনিব। তাৰ কোনো ব্যতিক্ৰম নহয়। 

ਭੰਡਹੁ ਹੀ ਭੰਡੁ ਊਪਜੈ ਭੰਡੈ ਬਾਝੁ ਨ ਕੋਇ ॥

ਨਾਨਕ ਭੰਡੈ ਬਾਹਰਾ ਏਕੋ ਸਚਾ ਸੋਇ ॥

নাৰীৰ পৰা নাৰী এগৰাকীৰ জন্ম হয়;

নাৰী অবিহনে কাৰোৱেই অস্তিত্ব নাথাকিলহেঁতেন। 

এই অংশটো গুৰু গ্ৰন্থ চাহিবৰ মেহলা ১ৰ পৰা লোৱা হৈছে, ৰাগ আশাত এয়া গোৱা হয়।

পাৰিৰ হ’মপে’জটোলৈ যাবলৈ ইয়াত ক্লিক কৰক। 

Editor's note

হৰ্মন খুৰানাই অলপতে মুম্বাইৰ ছফিয়া কলেজ ফৰ উইমেনৰ পৰা সামাজিক যোগাযোগৰ মিডিয়াৰ স্নাতক ডিগ্ৰী লাভ কৰিছে। শিখ ধৰ্মীয় অনুষ্ঠানত মহিলাৰ ভূমিকা সম্পৰ্কে এই প্ৰতিবেদনৰ যোগেদি জুকিয়াই চোৱাৰ সুযোগ তেওঁ গ্ৰহণ কৰে। 

তেওঁ কয়: “সমাধিকাৰবাদী আধাৰত প্ৰতিষ্ঠিত প্ৰতিষ্ঠানত কেনেকৈ লিংগ বৈষম্য সোমাই যায়, তাকে তন্ন তন্নকৈ চোৱাৰ মই সুযোগ এই প্ৰতিবেদনযোগে পালো। সাংবাদিকতা আৰু চলচ্চিত্ৰ নিৰ্মাণৰ সংযোগসূত্ৰ মই বিচাৰি পাই আনন্দিত। প্ৰতিবেদন গোটোৱাৰ লগতে অকলেই কেমেৰাপাৰ্ছনৰ কাম কৰি মই বহু মহিলা যিয়ে এই বিষয় লৈ সচেতন, তেওঁলোকৰ সৈতে আন্তৰিকতাৰে কথা পাতিব পাৰিছো। তেওঁলোকৰ চিন্তাৰেই প্ৰতিফলন ঘটোৱাৰ চেষ্টা কৰিছো।”

অনুবাদঃ পংকজ দাস

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।