বটচিং মলংগিয়াঙৰ বয়স তেতিয়া ১৪ বছৰ, তেওঁ নিজ হাতে মেঘালয়ৰ খাছি সম্প্ৰদায়ৰ লোকে বজোৱা এবিধ ঘাতবাদ্য চিং কিন্থেই সাজি উলিয়ালে। এতিয়া ৬০ বছৰ বয়সীয়া বটচিং এগৰাকী পাকৈত কাৰুশিল্পী, তেওঁ থাউকতে পোৱা সামগ্ৰী যেনে কঠালৰ কাঠ, মুগা সূতা আৰু গৰু-ছাগলীৰ ছালেৰে এবিধ সুষিৰ বাদ্য, দোতোৰা আৰু চাৰিবিধ ঘাতবাদ্য সাজিব জানে।

ভিডিঅ’ চাওকঃ বাহ বটৰ ঢোলৰ ছেৱে ছেৱে মেঘালয়ত খাছি লোকে নাচে

মেঘালয়ৰ পাইনুৰচালা ব্লকৰ নংব্লাই গাঁৱৰ বটচিঙক সকলোৱে বাহ বট বুলিয়ে জানে। তেওঁৰ আঠ বছৰ বয়সতে মাক ঢুকাইছিল, তেওঁৰ দেউতাক আছিল কমলা খেতি কৰা আৰু ঝাৰু বনোৱা এজন খেতিয়ক। কাৰুশিল্প শিকা বাহ বটেই পৰিয়ালৰ প্ৰথমজন। তেওঁ প্ৰথমে আন শিল্পীয়ে কেনেকৈনো কাম কৰে সেয়া চাই থাকিছিল, তাৰপিছত নিজে ঘাতবাদ্য বনোৱাৰ চেষ্টা কৰিলে। ভালকৈ শিকিবলৈ তেওঁক ভালেমান সময় লাগিল আৰু যি শিকিলে, তেওঁ থমকি ৰোৱা নাইঃ ‘সংগীতক জীয়াই ৰখাটো মোৰ বাবে দায়িত্বৰ দৰে হৈ পৰিছে।’’

বাহ বটে তেওঁৰ ঘৰৰ মুকলি চোতালখনত বহি আমাৰ সৈতে কথা পাতি থকাৰ মাজতে চিং কিন্থেই ঢোল এটা সাজি আছে। তেওঁৰ কাষত জন্তুৰ চাফা কৰা ছাল এখন, তেওঁৰ সঁজুলিবোৰ, কঠাল কাঠৰ টুকুৰা, ছালৰ ফিটাবোৰ পৰি আছে। ঘাঁহৰ মাজত কাঠৰ চকলাবোৰ সোমাই পৰিছে। ”কেনেকৈ বজাব লাগে মোক কোনেও শিকোৱা নাই। গাঁৱত উৎসৱ-পাৰ্বণ আৰু ফটোবোৰত বাদে তেনেকৈ এই বাদ্য বজোৱাও মই দেখা নাই। মনৰ খুদুৱনি মাৰিম বুলিয়ে সাজিবলৈ লৈছিলো,’’তেওঁ কয়।

কামৰ কিবা ডাঙৰ অৰ্ডাৰ পালে বাহ বটৰ সৰুজন ল’ৰা পাইনাপ্লাং খংছিনি (২৯)য়ে তেওঁক সহায় কৰি দিয়ে। তিনি বছৰমান আগতে ৰাজ্য চৰকাৰৰ কলা আৰু সাংস্কৃতিক বিভাগৰ পৰা ২০০ টা ঘাতবাদ্য তৈয়াৰ কৰাৰ বাবে অৰ্ডাৰ পাইছিল। তেওঁ তিনিমাহৰ বাবে ১১ জন কৰ্মচাৰী লৈ সেই কাম সম্পূৰ্ণ কৰিছিল।

সংগীতজ্ঞ হিচাপে বাহ বট এজন স্বশিকাৰু। তেওঁ নিজে বনোৱা ঢোল বজাব পাৰে আৰু নিজৰ পাঁচ-ছয়জনীয়া দলটোৰ সৈতে বাদ্য পৰিৱেশনো কৰে। তেওঁলোকক চাৰিটা উৎসৱৰ বাবে চুবুৰীয়া গাওঁবোৰত মাতে আৰু দলটোৱে প্ৰতিবাৰে ১৫,০০০ মান টকা পায়। “বহু শিল্পীয়ে পাৰম্পৰিক বাদ্য বজাব নোৱাৰে, সেয়ে আমাক মাতে,” বাহ বটে কয়।

৩৬ বছৰীয়া টাংমুৰি বাদক আৰু শ্বিলঙৰ মাৰ্টিন লুথাৰ খ্ৰীষ্টিয়ান ইউনিভাৰ্ছিটিৰ সহকাৰী অধ্যাপক ই. পাইণ্ডাবোৰ খংজিৰেময়ে কয় যে পাৰম্পৰিক খাছি বাদ্যযন্ত্ৰৰ শব্দবোৰ হৈছে প্ৰকৃতিৰ অনুকৰণ। “আমাৰ পূৰ্বপুৰুষসকল হাবিত থাকোতে হাবিৰ চৰাই-চিৰিকতি, কীট-পতংগ আদিৰ মাত শুনি শুনি অনুকৰণৰ চেষ্টা কৰিছিল। সমাজৰ অগ্ৰগতিৰ লগে লগে বাদ্যযন্ত্ৰবোৰৰো বিৱৰ্তিত হ’ল।”

অনুসূচিত জনজাতি হিচাপে লিপিবদ্ধ খাছিসকলৰ গোটেই বছৰটোত উদযাপিত ভালেকেইটা উৎসৱত বাহ বটে সজা ঢোলৰ প্ৰয়োজন হয়। এপ্ৰিলত উদযাপিত ধন্যবাদ জ্ঞাপন উৎসৱত ঘাতবাদ্য কা ব’ম, কা চিং চিনৰাং, কা চিং কিন্থেই আৰু কা টাংমুৰিৰ লগতে তালৰ তালে তালে মানুহে চাদ নৃত্যত ভাগ লয়।

নৱেম্বৰত এয়া পাঁচদিনীয়া চাদ নংক্ৰেম উৎসৱৰ সময়। এই উৎসৱত গঞাই কা ব্লেই চিংচাৰ দেৱীক শস্য আৰু সমৃদ্ধিৰ বাবে পূজা-অৰ্চনা কৰে। ঢোলবোৰ খাছি ভাষাৰ স্কিট তালত বাজে, বাহ বটে কয়।

বাহ বটে আমাক নংব্লাই গাওঁখন দেখুৱাইছে, সেইখন ৪০০০ চিৰি নামি গৈ পায়, বাট বুলিবলৈ নাই। আলোকচিত্ৰ এম.ভি. শ্ৰীকান্তে তুলিছেআলোকচিত্ৰ এম.ভি. শ্ৰীকান্তে তুলিছে

সাধাৰণতে তেওঁৰ গ্ৰাহকবোৰ হৈছে গাঁৱৰ কমিটিবোৰ যেনে দৰবাৰ শ্বং। এই কমিটিখনে উৎসৱৰ বজাবলৈ তেওঁৰ পৰা বাদ্যযন্ত্ৰ কিনে। বাহ বটে সংগীত মহাবিদ্যালয় কিছুমানৰ পৰা আৰু মেঘালয় চৰকাৰৰ কলা আৰু সাংস্কৃতিক বিভাগৰ পৰাও মাজে-সময়ে অৰ্ডাৰ পায়। বাদ্যযন্ত্ৰৰ মূল্য ভিন ভিন হয়। এটা কা ব’মৰ কাৰণে ১২,০০০ পৰ্যন্ত পায় আৰু কা পাদিয়াহৰ কাৰণে ২,৫০০ টকা পায়। ৪০০০ টা চিৰি নামি গৈ উপত্যকাখনত থকা তেওঁৰ গাওঁখনলৈ ৰাস্তা নাই, সেয়ে গ্ৰাহকে যাবলৈ টান পায়। সেইদেখি তেওঁ ইষ্ট খাছি হিলচ্ জিলাৰ পাইনুৰচুলা ব্লকৰ ৱাহলিংখাত নামে যোগাযোগৰ সামান্য সুচল ব্যৱস্থা থকা গাওঁখনত ঘৰ বান্ধিছে। ”কাম অনুযায়ী মই ইটো নাইবা সিটো ঘৰত থাকো। পথাৰত কাম থাকিলে মই নংব্লাইলৈ যাওঁ। বাদ্যযন্ত্ৰৰ অৰ্ডাৰ পালে ৱাহলিংখাততে থাকো,’’তেওঁ বুজাই কয়।

বাহ বটৰ আটাইকেইজন ল’ৰা-ছোৱালীয়ে বিয়া পাতিছে আৰু কাষৰ গাওঁবোৰত থাকে। তেওঁৰ পত্নী চিফন খংচিনি (৫৬) তেওঁলোকৰ এজন সন্তানৰ লগত থাকে। তেওঁলোকৰ চাৰিজন ল’ৰা- পাইনহলাং খংচিনি (৩৮), ফাইৰনাইলাং খংচিনি (৩৪), পাইনদাপলাং খংচিনি (৩২), পাইনাপ্লাং খংচিনি (২৯) আৰু জীয়াৰী চেংগেভালাং খংচিনি (৩৬)।

ঢোল সজা

বাহ বটে প্ৰথমে ছাগলী আৰু গৰুৰ ছালৰ নোমবোৰ এৰুৱায় লয়। তাৰপিছত সেয়া পানীত ৰাতিটোৰ বাবে ডুবাই থৈ দিয়ে। এইখিনি সময়ত তেওঁ খাছি ভাষাত তাৰি বুলি কোৱা এখন বিশেষ কটাৰীৰে গছৰ টুকুৰাটোক চাঁচি-চুৰুকি আকাৰ দিয়ে।

ঢোলটোৱে আকাৰ লোৱাৰ পিছত তেওঁ বাঁহেৰে ঘুৰণীয়া আকৃতিৰ এটা ৰিং সাজে যিটোৱে ঢোলটোৰ দুয়োফালে থকা জন্তুৰ ছাল দুটুকুৰা ধৰি ৰাখে। বটালিৰে তেওঁ ঢোলটোৰ দুয়োফালে ছালদুখন লগায়। শেষৰ কামটো হৈছে দীঘল প্লাষ্টিকৰ ফিটাবোৰত ধাতুৰ ৰিং লগোৱা যিয়ে দুয়োফালৰ চামৰা দুখন ধৰি ৰাখে। এই ৰিংবোৰ পিছলৈ ঢোলটোৰ চামৰা টান-ঢিলা কৰিবলৈ ব্যৱহাৰ কৰা হয়। তেওঁ সৰু ফুটা কৰিবলৈ পাক-ভোঁহৰ কটা (সঁজুলি) ব্যৱহাৰ কৰে আৰু মিহি কৰি আকাৰ দিবলৈ চিৰিচ-কাগজ ব্যৱহাৰ কৰে।

সাতটা ফুটা থকা সুষিৰবাদ্য টাংমুৰি সজা কামটোত কেবাটাও পৰ্যায় থাকে আৰু অতি নিপুণতাৰে সেই কাম কৰিবলগীয়া হয়। তেওঁ গৰম লোহা এডালেৰে ফুটাবোৰ কৰে। ফুটাকেইটা এক নিৰ্দিষ্ট ব্যৱধানত হিচাপ কৰি সাৱধানে কৰিব লাগে। এনে বাদ্যযন্ত্ৰ সজা কামটোত দীঘলীয়া সময়ৰ প্ৰয়োজন হয়। কি বাদ্যযন্ত্ৰ সাজি থকা হৈছে তাৰ ওপৰত নিৰ্ভৰ কৰি দুদিনৰ পৰা ১৫ দিন পৰ্যন্ত সময়ৰ কেতিয়াবা প্ৰয়োজন হয়।

এনে বাদ্যযন্ত্ৰবোৰৰ চাহিদা কমি আহিছে। এবছৰত আজিকালি বাহ বটে প্ৰায় চাৰি-পাঁচটা বাদ্যযন্ত্ৰৰ কাম পায়। ৰাজ্য চৰকাৰে কলা আৰু সাংস্কৃতিক বিভাগৰ জৰিয়তে খাছি সংগীতৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কৰ্মশালা আৰু কাৰ্যসূচী আদি আয়োজন কৰি আহিছে। চৰকাৰৰ উদ্যোগতে মেঘালয়ত চেইণ্ট এন্থনি কলেজ, মাৰ্টিন লুথাৰ খ্ৰীষ্টিয়ান ইউনিভাৰ্ছিটি আৰু নৰ্থ-ইষ্টাৰ্ন হিল ইউনিভাৰ্ছিটি আদি বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠানত খাছি সংগীতৰ পাঠ্যক্ৰম অন্তৰ্ভূক্ত কৰা হৈছে আৰু প্ৰদৰ্শনমূলক কাৰ্যসূচী অনুষ্ঠিত হৈ আহিছে।

তেওঁৰ শিল্পকৰ্মৰ সাংস্কৃতিক তাৎপৰ্য থকা স্বত্ত্বেও বাহ বটে জীৱিকাৰ বাবে সম্পূৰ্ণৰূপে সেই শিল্পৰ ওপৰত নিৰ্ভৰ কৰিব নোৱাৰে। তেওঁ হাবিৰ পৰা বিভিন্ন সামগ্ৰী যেনে তামোল গোটাই আনে, ঝাৰু বনায় (বছৰত প্ৰায় ২০ৰ পৰা ২৫ কুইণ্টল), তেওঁ ৩০০০ ডাল কমলাৰ গছৰ বাগিচা চম্ভালে আৰু গাহৰি-মুৰ্গী আদি পালন কৰে। ”এনেকৈয়ে এইবোৰৰ পৰা মাহে ১৬,০০০ টকালৈ উপাৰ্জন হয়,’’বাহ বটে কয়।

নিতৌ আবেলি গাঁৱৰ বন্ধু আৰু ডেকা ল’ৰাবোৰে দিনটোৰ কাম-বন কৰি আজৰি হৈ বাহ বটৰ ঘৰত লগ লাগে আৰু সংগীত তথা খাছি সংস্কৃতিৰ বিষয়ে আলোচনা কৰে। এইখিনি সময়ত বাহ বটে গুণগুণায়। ”তেওঁ গোৱা গীতৰ কোনো কথা নাথাকে, গীতবোৰ তেওঁতকৈও পুৰণি, অৰণ্যখনৰ কথা কোৱা গীত,’’ বাহ বটৰ বন্ধু আৰু লোকসংগীতজ্ঞ চুবুৰীয়া পিণ্টাৰ গাঁৱৰ চিব’ৰ মাওকণে কয়।

নিতৌ আবেলি গাঁৱৰ বন্ধু আৰু ডেকা ল’ৰাবোৰে দিনটোৰ কাম-বন কৰি আজৰি হৈ বাহ বটৰ ঘৰলৈ আহে আৰু সংগীত তথা খাছি সংস্কৃতিৰ বিষয়ে আলোচনা কৰে। এইখিনি সময়ত বাহ বটে গুণগুণায়। আলোকচিত্ৰ এম.ভি. শ্ৰীকান্তে তুলিছে

”ভৱিষ্যতে এই শিল্পৰ কি হ’ব মই নাজানো। মানুহবোৰ খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত হওঁতে লোকসংগীতক অৱজ্ঞা কৰিছিল। এতিয়া মানুহে নিজৰ শিপা চিনিছে আৰু তাৰ গুৰুত্ব বুজি পোৱা হৈছে, আনকি কিছুমান গীৰ্জাটো বাদ্যযন্ত্ৰ (খাছি) পৰিৱেশন কৰিবলৈ লৈছে,’’ বাহ বটে কা ব’ম এটা হাতত লৈ বন্ধুবৰ্গৰ সৈতে মজলিছত বহাৰ সময়ত কয়।


খাছি সংস্কৃতিত সংগীত

খাছি পৰম্পৰাত প্ৰতিবিধ বাদ্যযন্ত্ৰৰে পৰিয়ালৰ সদস্যৰ দৰে নিজস্ব স্থান আছে। চিং চিনৰেঙক মতাঢোল বুলি কোৱা হয় আৰু খাছি পুৰুষৰ দ্বৈত ভূমিকাক ই বুজায়, পিতৃ আৰু মোমাই হিচাপে। সেয়ে বাওঁফালৰ অংশটোৱে পিতৃৰ কোমল হৃদয় বুজোৱাৰ বিপৰীতে মাৰিৰে বজোৱা সোঁফালটোৱে তেওঁৰ কঠোৰ দিশটোক প্ৰতিনিধিত্ব কৰে।

দুইতাৰাত চাৰিডাল তাঁৰ থাকে আৰু খাছি পৰিয়াল বুজায়। প্ৰথমডাল তাঁৰে খুড়া, দ্বিতীয় আৰু তৃতীয়ডাল একেলগে বন্ধা থাকে আৰু পিতৃ-মাতৃক বুজায় আৰু চতুৰ্থডাল তাঁৰৰ স্বৰ উচ্চ আৰু গোটেই পৰিয়ালটোক প্ৰতিনিধিত্ব কৰে।

খাছি পৰম্পৰাত চিং কিন্থেই আৰু চিং চিনৰাং কেতিয়াও একেলগে বজোৱা নহয়। এই দুইবিধ বাদ্যযন্ত্ৰই মাতৃ আৰু মাতৃ বুজায় আৰু একেলগে বজোৱা মানে দুয়োজনৰ মাজত কাজিয়া লগা বুজায়। সেয়ে দুয়োবিধ বাদ্য পৃথকে পৃথকে বজোৱা হয়। এবিধ বাজিলে আনবিধে শুনে।

কা দুইতাৰা জুইৰ গুৰিত বহি ৰাতি লোকসংগীতৰ সৈতে সংগত কৰা বাদ্যযন্ত্ৰ। চিং কিন্থেই (মাতী ঢোল) কা চাদ কিন্থেই নাচৰ সৈতে বজোৱা হয় আৰু চিং চিনৰাং (মতাঢোল) কা চাদ চিংৰাং নৃত্যৰ সৈতে বজোৱা হয় (পুৰুষৰ নাচৰ সময়ত)। কা ব’ম আৰু কা পাডিয়া বজাই সংগীতৰ ছন্দ ধৰি ৰখা হয়। আনহাতে কা টাংমুৰি এবিধ ৰাজহুৱা বাদ্য আৰু উৎসৱত বজোৱা হয়।

লিখক বাঞ্চাইলাং মুখিম এগৰাকী সংগীতজ্ঞ আৰু চাদ নংক্ৰেম নৃত্য উৎসৱৰ এগৰাকী পৰিৱেশক।

Editor's note

এম.ভি. শ্ৰীকান্তে শ্বিলঙৰ ইংলিছ এণ্ড ফৰেইন লেংগুৱেজেচ বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু গণসংযোগৰ স্নাতক ডিগ্ৰী শেহতীয়াকৈ সম্পূৰ্ণ কৰিছে। বাদ্যযন্ত্ৰত তেওঁৰ আগ্ৰহ আছে আৰু গ্ৰামীণ ভাৰতৰ সংগীতৰ বৈচিত্ৰতা অন্বেষণ কৰাৰ তেওঁ মন আছে। শ্বিলঙত ছাত্ৰ হিচাপে তেওঁ খাছি পৰম্পৰাগত সংগীত শুনিছে আৰু শুনিবলৈ বিচাৰে। তেওঁ কয়ঃ ''পাৰি এডুকেচনৰ সৈতে কৰা কামে মোক বিভিন্ন পটভূমিৰ মানুহৰ জীৱনত ভূমুকিয়াই তেওঁলোকৰ দৈনন্দিন জীৱনৰ সৰু সৰু কথা গুৰুত্বসহকাৰে চাবলৈ শিকাইছে।’’

অনুবাদঃ পংকজ দাস

পংকজ দাস এগৰাকী অনুবাদক আৰু অসমীয়া নিউজ পৰ্টেল newsnextone.com ৰ সহ-প্ৰতিস্থাপক। যোগাযোগৰ ইমেইল আইডি pankajdas400@gmail.com