যিমানদূৰ মনত পৰে, মানুহে সদায় পুৰুষ হিচাপে তেওঁ চিনি পাওঁক, সেয়াই তেওঁ বিচাৰিছিল। এই ফটোবোৰ তেওঁৰ পিতৃ যশৱন্তই তুলিছিল আৰু এই লেখাটোৰ কাৰণে বন্দনা বাঞ্চালে যুগুতাইছে

মোৰ যিমানদূৰ মনত পৰে, মই সদায় মোৰ জন্মসূত্ৰে পোৱা নাৰীৰ পৰিচয় আঁতৰাই পুৰুষ হিচাপে সমাজত নিজৰ স্বীকৃতি পাব বিচাৰিছিলো। ২০১৪ চনৰ কথা, তেতিয়া মোৰ বয়স ২৪ বছৰ। মধ্যযুগৰ ৰহস্যবাদী কবি কবীৰ দাসৰ অনুকৰণেৰে মই মোৰ নাম কবীৰ ৰাখিলো। জীয়েক হিচাপে মা-দেউতাই মোক দিয়া মণীষা নামটোৰ পৰা মই মুক্তি পাইছিলো। কোনেও মোক এতিয়া মণীষা বুলি নামাতে। কিন্তু আমি যে বালাজী সম্প্ৰদায়ৰ, সেই দলিত পৰিচয় মোৰ পুৰণি উপাধিটোত লাগি থাকে। মই সেইটো সলাই মোৰ ঘৰত মতা নাম ‘মানি’ৰ পৰা মান আনি তাৰ ঠাইত বহুৱালো। মই হৈ পৰিলো কবীৰ মান।

অলপতে মই জানিবলৈ পালো যে মই ৰূপান্তৰিত ব্যক্তিৰ ৰাষ্ট্ৰীয় প’ৰ্টেলত (সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ অধীনত) মোৰ নামটো চৰকাৰীভাৱে সলনি কৰাৰ বাবে দৰ্খাস্ত কৰিব পাৰো। ২০২০ৰ ২৯ ছেপ্টেম্বৰত মুকলি কৰা এই প’ৰ্টেলটোৱে আমাৰ দৰে মানুহৰ বাবে পৰিচয় পত্ৰ (আইকাৰ্ড) দিয়ে। মোৰ দৰ্খাস্তখন এতিয়াও আগবঢ়া নাই। প’ৰ্টেলটো খুলিবলৈ চেষ্টা কৰোঁ যদিও সিটোৰ একো সঁহাৰি নাইকিয়া হৈ থাকে। কিন্তু যাহওঁক মই যি হয় তালৈ অপেক্ষা কৰিছো।

মণীষা হিচাপে ডাঙৰ হোৱাটো কেতিয়াও ভাল লগা অনুভৱ নাছিল। একেবাৰে কম বয়সত, ছোৱালীৰ কাপোৰ পিন্ধি মই অকণো আৰাম পোৱা নাছিলো, ছাৰ্ট-পেণ্ট পিন্ধিবলৈ ভাল পাইছিলো। আন ছোৱালীৰ দৰে মই চুলি দীঘলকৈ ৰখা নাছিলো, ছুটিকৈ ৰাখিবলৈ ভাল পাইছিলো। কৈশোৰত যেতিয়া মোৰ মাহেকীয়া ঋতুচক্ৰ আৰম্ভ হোৱা নাছিল, মই ভালেই পাইছিলো। কিন্তু মা চিন্তাত পৰিছিল আৰু মোক স্ত্ৰীৰোগ বিশেষজ্ঞ এগৰাকীৰ ওচৰলৈ লৈ গৈছিল। মোৰ মাহেকীয়া হোৱাৰ কাৰণে ডাক্তৰ গৰাকীয়ে টেবলেট কিছুমান দিছিল।

মোৰ মনত আছে, মোৰ বয়স তেতিয়া ১৭ বছৰ। মই স্কুল ছুটি হোৱাৰ পিছত চাইকেল এখন ভাৰা কৰি আমাৰ ঘৰৰ পৰা চাৰি কিলোমিটাৰ দূৰৰ চাইবাৰ কেফে এখনলৈ গৈ ইণ্টাৰনেটত চাৰ্ছ কৰি চাইছিলো কেনেকৈনো নাৰীৰ পৰা পুৰুষ হ’ব পাৰি। ইংৰাজীত কি বুলি লিখিলে উত্তৰ পাম, সেয়া ভাবি পোৱা নাছিলো, কিন্তু চাৰ্ছ ইঞ্জিনটোৱে বুজি পাইছিল আৰু বিভিন্ন ধৰণৰ প্লেটফৰ্মত থকা উত্তৰবোৰ স্ক্ৰীণত ভাঁহি উঠিছিল।

কিশোৰ হিচাপে মোৰ দিনবোৰ উজু নাছিল। ছোৱালীৰ ৱাশ্বৰুমলৈ যোৱাটো মোৰ বাবে বৰ কঠিন কাম আছিল আৰু মই ঘৰ আহি নোপোৱালৈকে কোনোমতে উচপিচ কৰি থাকিছিলো। এইটো কাৰণতে মোৰ দুবাৰকৈ প্ৰস্ৰাৱনলীৰ সংক্ৰমণ হৈছিল আৰু গোটেই মিলি ৪০,০০০ মান টকা খৰছ হৈছিল। এতিয়াও মই ৰাজহুৱা ৱাশ্বৰুম ব্যৱহাৰ নকৰাকৈ থাকো আৰু ঘৰ পোৱালৈ বাট চাওঁ। পুৰুষলৈ ৰূপান্তৰ হ’ব পাৰিলে এই সমস্যাবোৰৰ সমাধান পাম বুলি মই বুজি পাইছিলো।

জন্মগত পৰিচয়েৰে জীয়াই থকাটো তেওঁৰ বাবে কঠিন আছিল আৰু ৰূপান্তৰিত পুৰুষ হিচাপেও জীৱনটোৰ বিভিন্ন দুখ-কষ্ট থাকে। ফটো বন্দনা বাঞ্চালে তোলা

পাৰিবাৰিক জীৱন

মোৰ আজোককাৰ পৰিয়ালটো দেশ বিভাজনৰ সময়ত ৰাজস্থানৰ ভৰতপুৰ জিলাৰ পৰা দিল্লীলৈ উঠি আহিছিল আৰু পুৰণি দিল্লীৰ কিষাণ গঞ্জ এলেকাত নিগাজি হৈছিল। তেওঁলোক আগতে কৃষকেই আছিল, কিন্তু দিল্লীলৈ আহি আজোককাই দিল্লী ক্ল’থ মিলচত কাম পালে। মোৰ দেউতা যশৱন্ত এগৰাকী মুক্ত ফটোগ্ৰাফাৰ আছিল আৰু মাজে-সময়ে বিয়াত ফটো তোলা কাম পাইছিল। কিন্তু প্ৰায়ভাগ সময়তে তেওঁ কামলৈ নগৈছিল আৰু ঘৰতে বহি মদৰ নিচাত ডুবি থাকিছিল।

আমাৰ পৰিয়ালটোত কেৱল মোৰ মা সৰলাই উপাৰ্জন কৰিছিল। তেওঁ চৰকাৰী প্ৰাথমিক বিদ্যালয় এখনৰ শিক্ষয়িত্ৰী আছিল আৰু মাহে ৩০,০০০ টকা বেতন পাইছিল। প্ৰতিদিনে তেওঁ আমাৰ কিষাণগঞ্জৰ ঘৰৰ পৰা অখালাস্থিত স্কুলখনলৈ বাছেৰে অহা-যোৱা কৰিছিল, বাছেৰে অহা-যোৱা কৰোঁতে মুঠ ছঘণ্টা সময় লাগিছিল।

মোৰ দেউতা ঘৰখনত খলনায়কেই আছিল, ঘৰুৱা হিংসা হোৱা মই সঘনাই দেখিছিলো। কিন্তু এটা কাৰণত মই তেওঁক মনে মনে প্ৰশংসাও কৰো, তেওঁৰ মনৰ কলাসুলভ দিশটোৰ কাৰণে। তেওঁ মোক সৃষ্টিশীল কলা, সংগীত আৰু চিনেমাৰ বাট দেখুৱাই দিছিল। তেওঁৰ কেমেৰাৰ ৰ’ল সলনি কৰা মোৰ মনত আছে। তেওঁ মোৰ ফটো তুলি থাকিছিল আৰু কেতিয়াও মোক জীয়াৰীৰ দৰে আচৰণ কৰা নাছিল, বোধকৰোঁ তেওঁ নিজৰ প্ৰথমটো সন্তান ল’ৰা হোৱাটো বিচাৰিছিল।

টমবয়গৰাকী

মই পাঁচটা বছৰ (ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ) বালিকা বিদ্যালয়ত পঢ়িছিলো, তাত মোৰ উশাহ বন্ধ হৈ যোৱা যেন অনুভৱ কৰিছিলো। দ্বাদশ শ্ৰেণীত মই স্কুল সলালো আৰু কো-এড প্ৰতিষ্ঠান এটাত নাম লগালো। স্কুলখনে মোৰ মনটো অকণমান মুকলি কৰিলে, ঘৰখনৰ পৰা মই ওলোৱাৰ বাট এটা বিচাৰি পালো। মই খেলা-ধূলা কৰি আনন্দ পোৱা হ’লো আৰু ছোৱালীৰ টিম এটাত খেলিলো। তাত মোৰ পৰিচয়ৰ কাৰণে কাৰো বৈষম্যৰ চিকাৰ হোৱা নাছিলো।

কবীৰে যোৱা বছৰ নিজৰ হৰমন থেৰাপি আৰম্ভ কৰিছে আৰু মুখত তেওঁৰ দাড়ি গজিছে। অহাবছৰ তেওঁ ৰূপান্তৰণৰ চাৰ্জাৰিৰ কথা চিন্তা কৰিছে

মোৰ ক্লাচৰে এজনী ছোৱালীৰ লগত মোৰ প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল, তেওঁক মই সোণাক্ষী বুলি মাতিছিলো। এদিনাখন তেওঁ সম্পৰ্ক শেষ কৰিলে, ক’লেঃ “আমি কোনদিশে গৈ আছো? আমি বিয়া হ’ব পাৰিম জানো?” মোৰ যেন কোনো নাই তেনে অনুভৱ হৈছিল আৰু হতাশাত ভূগিছিলো।

স্কুলীয়া শিক্ষা সাং কৰি মই দিল্লীৰ এখন কলেজত মিডিয়া ষ্টাডিজ পঢ়িবলৈ নামভৰ্তি কৰালো। কলেজত মই ৰূপান্তৰিত পুৰুষ হিচাপে পৰিচয় দিয়া নাছিলো। টমবয় ভাৱ এটাত নিজকে মণীষা বুলিয়ে চিনাকি দিছিলো। জীৱনটো ভালেই চলিছিল, কিন্তু সেয়া বেছিদিন নিটিকিল। মোৰ বিষয়ে উৰাবাতৰি বিয়পিছিল। মই মোৰ বন্ধু এজনৰ সৈতে তেওঁৰ বাইকতে কলেজলৈ গৈছিলো। মানুহে তেওঁকে মোৰ বয়ফ্ৰেণ্ড বুলি ক’বলৈ ধৰিলে। আন কিছুমানে আকৌ মই আন কোনোবা ছোৱালীক ডেট কৰি আছো বুলিও ক’বলৈ ধৰিলে। মই ষ্ট্ৰেইটো নহয়, লেছবিয়ানো নহয়- এনেধৰণৰ আলোচনাই মোৰ মনত কষ্ট দিছিল। মানুহৰ বু বু বা বা সহ্য কৰিব নোৱাৰি মই শেষৰটো শিক্ষাবৰ্ষত (২০১৫)ত কলেজ আধাতে এৰি দিলো।

ঘৰতো পৰিৱেশ ভালে নাছিল। দেউতাৰ অগ্ন্যাশয়ৰ কৰ্কট ৰোগ হৈছিল। মাৰ সঞ্চয়ৰ আটাইবোৰ টকা তেওঁৰ চিকিৎসাৰ নামত খৰছ কৰা স্বত্ত্বেও তেওঁক আমি বচাব নোৱাৰিলো। আমি আত্মীয়-স্বজনৰ পৰা ধাৰ কৰিবলগীয়া হৈছিল। হস্পিতালৰ বিল আৰু চিকিৎসাৰ নামত আমাৰ প্ৰায় ৩৫ লাখমান খৰছ হ’ল। মোৰ মাৰ প্ৰভিডেণ্ট ফাণ্ড আৰু চৰকাৰী স্কুলৰ শিক্ষক হিচাপে চিকিৎসাৰ সুবিধাখিনি কামত আহিল। কিন্তু আমাৰ ধাৰবোৰ শুজোতে আমাক ছটা বছৰ লাগিল।

আমাৰ সমাজত কেৱল পুত্ৰসন্তানেহে মৃতকৰ সৎকাৰ কৰিব পাৰে। কিন্তু মোৰ দেউতা ঢুকাওতে মই তেওঁৰ শৱযাত্ৰাত আন তিনিজনৰ সৈতে সাঙী কঢ়িয়াইছিলো। শ্মশানত খুৰাই আপত্তি কৰিছিল, “মণীষাই এয়া কৰিব নোৱাৰে” কিন্তু মোৰ সম্পৰ্কীয় ভাইটোৱে মোৰ হৈ মাত দিছিল, “লড়কি কহি ঔৰ সে নহী আতি হ্যে (ছোৱালী বেলেগ এখন ঠাইৰ পৰা নাহে)।” দাহ-সংস্কাৰ কৰিবলৈ পাই মই মনত অলপ বল পাইছিলো।

এতিয়া ইয়াত

২০১৯ত মই ল’কেল ট্ৰেইনত কাৰ্নাললৈ বুলি ওলাইছিলো, কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়ৰ মোৰ প্ৰথম বৰ্ষৰ পৰীক্ষা আছিল। ট্ৰেইনত উঠোতে সহযাত্ৰী কেইজনমানে মোৰ চেহেৰাৰ ওপৰত মন্তব্য কৰে। প্ৰথমে তৰ্কাতৰ্কি লাগে আৰু পৰিস্থিতি বেয়াৰ ফালে ঢাল খায়। তেওঁলোকে শেষত মোক ট্ৰেইনখনৰ পৰাই বাহিৰ কৰি দিয়ে। মই কথমপি প্লেটফৰ্মত নপৰাকৈ বাচি যাওঁ, ভাগ্যে ট্ৰেইনখন ধীৰ গতিত চলিছিল। এনেকৈ মই পৰীক্ষা দিব নাপালো আৰু শিক্ষা জীৱনটো আগবঢ়াবলৈ সুযোগ হেৰুৱালো। গাত সামান্য আঘাত পালো যদিও দ্বিতীয়বাৰ সেই ৰাস্তাৰে ৰেলযাত্ৰা কৰাৰ সাহস গোটাব নোৱাৰিলো।

ৰূপান্তৰিত ব্যক্তিৰ প্ৰতি থকা কিছু সংখ্যকৰ ঘৃণাৰ সন্মুখীন যাতে কবীৰে হ’বলগা নহয়, সেয়ে ৰাজহুৱা যাতায়তৰ মাধ্যমৰ পৰিৱৰ্তে নিজৰ জমা পইচাৰে কিনা চাইকেলখনেৰে কবীৰে অহা-যোৱা কৰে। ফটো বন্দনা বাঞ্চালে তোলা

শেহতীয়াকৈ মই দিল্লী মেট্ৰ’ৰেও ভ্ৰমণ কৰিবলৈ এৰিছো। প্ৰৱেশদ্বাৰত মই মহিলাৰ শাৰীত গ’লে তেওঁলোকে মোক যাবলৈ নিদিয়ে। কিন্তু পুৰুষৰ শাৰীত যাব খুজিলে তেওঁলোকে কয়ঃ “আপ য়হা সে নহী জা সকতে (আপুনি এই বাটেৰে যাব নোৱাৰে)।”

এনেকুৱা দিন আহিছে যেতিয়া মৰি যাম যেন লাগে – এবাৰ তেনে কৰিছিলো আৰু লগে লগে অনুতপ্তও হৈছিলো। ২৭ বছৰ বয়সত মই যৌন সাক্ষৰতাৰ দিশত কাম কৰা বেচৰকাৰী সংস্থা এটাৰ সংস্পৰ্শলৈ আহিলো। মই আচলতে কি হওঁ, সেই কথা তাত মুকলিকৈ মই ক’ব পাৰিছিলো আৰু ৰূপান্তৰিত পুৰুষ হিচাপে মোৰ ব্যক্তিত্ব লাহে লাহে বিকশিত হ’বলৈ ধৰে। মোৰ মানসিক স্বাস্থ্যৰ প্ৰতি মন দিয়াত তেওঁলোকে মোক সহায় কৰিছিল। (আত্মহত্যা প্ৰতিৰোধৰ হেল্পলাইন সন্দৰ্ভত এই প্ৰতিবেদনৰ শেষত সবিশেষ উল্লেখ কৰা হৈছে।)

প্ৰত্যাহিক জীৱনৰ ঘাত-প্ৰতিঘাতৰ মাজতে মই এবছৰ আগতে পশ্চিম দিল্লীৰ দ্বাৰকাৰ এখন ক্লিনিকত হৰমন থেৰাপি লোৱাৰ সিদ্ধান্ত লওঁ। এই থেৰাপি ল’লে মেট্ৰ’ত ভ্ৰমণ কৰাত মোৰ মনৰ শংকা দূৰ হ’ব আৰু মোক ৰাজহুৱা স্থানত ভুলকৈ চিনাক্ত কৰাৰো সমস্যাও আঁতৰিব বুলি মই ভাবো।

যোৱাবছৰ মই হৰমন থেৰাপি আৰম্ভ কৰিছিলো আৰু এয়া আজীৱন চলিব। ইয়াৰ পাৰ্শ্চক্ৰিয়াও নথকা নহয়। মই প্ৰতি তিনিমাহৰ মুৰে মুৰে টেষ্টষ্টেৰ’ণ আনডেকান’টৰ বেজী লোৱাৰ কাৰণে ক্লিনিকলৈ যাব লাগে। এইটো বেজীৰ বাবে প্ৰতিবাৰ ৩৬০ টকা ভৰিব লাগে। কিন্তু তাৰ লগতে আনুষংগিক মৌখিক দৰৱ, নিয়মীয়া তেজপৰীক্ষা আৰু তলপেটৰ আলট্ৰাচাউণ্ড কৰোৱা আদি মিলি প্ৰতিবাৰেই মোৰ মুঠ ৪,০০০ মান টকা মোৰ খৰছ হয়। এই চিকিৎসাৰ পাৰ্শ্চক্ৰিয়া হিচাপে মুড চুইং হ’ব পাৰে, মানসিক উদ্বিগ্নতা বাঢ়িব পাৰে, ব্লাড চুগাৰৰ ভাৰসাম্য নোহোৱা হ’ব পাৰে। তাৰোপৰি যকৃৎ আৰু বৃক্কৰো ক্ষতি হ’ব পাৰে।

মই অহাবছৰ (২০২২) ‘লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰ’ কৰোৱাৰ পৰিকল্পনা কৰি থৈছো। এয়া কেৱল ব্যক্তিত্বৰ পৰিৱৰ্তন বা ‘পুৰুষ’ হিচাপে আধাৰ কাৰ্ডত মোৰ লিংগ সলনি হোৱাৰ কথা নহয়। মই মোৰ জীৱনৰ সত্যৰে জীয়াব খোজো, মোৰ প্ৰকৃত পৰিচয় এজন ৰূপান্তৰিত পুৰুষ। এই অস্ত্ৰোপচাৰত মোৰ ৭ৰ পৰা ১০ লাখমান টকা খৰছ হ’ব। তিনিটাকৈ অস্ত্ৰোপচাৰ কৰা হ’ব – স্তন আঁতৰোৱা, পুৰুষৰ যৌনাংগ সৃষ্টি কৰা আৰু হৰমনৰ থেৰাপি। প্ৰথমটো অস্ত্ৰোপচাৰৰ কাৰণে মই পইচা সাঁচিবলৈ লৈছো।

পৰিয়াল নহয় যেন মনৰ সাহসঃ কবীৰৰ সৈতে ভায়েক মুকুল (একেবাৰে বাওঁফালে), মাক সৰলা আৰু তেওঁৰ ভনীয়েক নম্ৰতা (২৪, একেবাৰে সোঁফালে)। ফটোখন বন্দনা বাঞ্চালে তুলিছে

পইচা খৰছ হ’লেও মই ব্যক্তিগত ক্লিনিকেও বাচি ল’লো, ৰাজ্যিক চিকিৎসালয় বিকল্প হিচাপে কেতিয়াও ভবা নাই। তাত মানুহবোৰে সমালোচনাৰ দৃষ্টিৰে চায়, মোৰ উদ্বিগ্নতাক তেওঁলোকে ‘সমস্যা’ হিচাপেহে বিবেচনা কৰে। এবাৰ মই চৰকাৰী ডাক্তৰ এজনৰ লগত মোৰ কথা আলোচনা কৰিছিলো, কিন্তু তেওঁ মোক সুধিলে, “তোমাৰ বয়ফ্ৰেণ্ড আছেনে? কেতিয়াবা যৌন সম্ভোগ কৰিছানে? চেষ্টা কৰা, ই তোমাক সহায় কৰিব।”

মোৰ ওচৰত সাহস হৈ থিয় দিয়া মোৰ পৰিয়ালটোৰ ওচৰত মই কৃতজ্ঞ। মোৰ মায়ে বুজি পায় যদিও মই দেহটো নাৰীৰে থাকিবলৈ দি পুৰুষৰ কাপোৰ পিন্ধি থকাটো ভাল হ’ব নেকি বুলি তেওঁ ভাবে। মোৰ সৰু ভাইটোৱে বিজ্ঞাপনৰ কাম কৰে আৰু মোৰ ভনীজনীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই আছে, দুয়োৱে মোৰ সিদ্ধান্তক আদৰি লৈছে।

এতিয়া মই জনপ্ৰিয় ই-কমাৰ্চ ফাৰ্ম এখনৰ ৱেৰহাউছত দিনে ১০ ঘণ্টা কাম কৰো আৰু মাহত ২০,০০০ টকা উপাৰ্জন হয়। সকলোৱে আহিব পৰা কেফে এখন খোলাৰ কথা মই মনতে ভাবো। বিশৃংখল জীৱনটোৰ পৰা অকণমান ওলাই আহি শান্তিৰে বহিবপৰা ঠাই এটুকুৰা মই মানুহক দিব খোজো, যিটো মই বিচাৰো যদিও কেতিয়াও পোৱা নাই।

আপোনাৰ মনলৈ যদি কেতিয়াবা আত্মহত্যাৰ ভাৱ আহে বা কোনোবা তেনে সংশয়ত থকা বুলি জানে, তেন্তে অনুগ্ৰহ কৰি কিৰণৰ ৰাষ্ট্ৰীয় হেল্পলাইন নম্বৰ 1800-599-0019 (প্ৰতিদিনে ২৪ ঘণ্টাই মুকলি ট’ল ফ্ৰী নম্বৰ)ত নাইবা আপোনাৰ ওচৰে-পাজৰে থকা এনে যিকোনো হেল্পলাইন নম্বৰত যোগাযোগ কৰক। মানসিক স্বাস্থ্যৰ ডাক্তৰ বা পৰামৰ্শদাতাৰ বিষয়ে জানিবলৈ আৰু সেৱাসমূহ পাবলৈ SPIFৰ মানসিক স্বাস্থ্যৰ নিৰ্দেশিকাখন চাওঁক।

Editor's note

বন্দনা বাঞ্চাল বিবেকানন্দ ইনষ্টিটিউট অৱ প্ৰফেছনেল ষ্টাডিজ, নতুন দিল্লীৰ সাংবাদিকতা আৰু গণসংযোগৰ চুড়ান্ত বৰ্ষৰ ছাত্ৰী। পাৰি এডুকেচনৰ নবিচ হিচাপে এই প্ৰতিবেদন তেওঁ প্ৰস্তুত কৰিছে। তেওঁ কয়, “পুৰুষতান্ত্ৰিক সমাজে ঠাই নিদিয়াৰ বাবে আমি ৰূপান্তৰিত পুৰুষৰ কথা খুব কমেইহে পঢ়িবলৈ পাওঁ। কবীৰৰ সৈতে কথা পাতি মই জাতি আৰু লিংগৰ লগতে আমাৰ সমাজত গভীৰভাৱে শিপাই থকা ৰূপান্তৰ ভীতি (ট্ৰান্সফ’বিয়া)ৰ বিষয়ে চিন্তা কৰিবলৈ বাধ্য হ’লো।”

অনুবাদঃ পংকজ দাস

পংকজ দাস এগৰাকী অনুবাদক আৰু অসমীয়া নিউজ পৰ্টেল newsnextone.com ৰ সহ-প্ৰতিস্থাপক। যোগাযোগৰ ইমেইল আইডি pankajdas400@gmail.com