শোৱনিকোঠাৰ বেৰত সদ্যজাত শিশুৰ আধৰুৱা চিত্ৰ এখন নিয়াজ হুছেইনে শেষ কৰিবলৈ লৈছে।

এইখিনি কৰি থকাৰ মাজতে তেওঁক তেওঁ পত্নী সমীৰা (নাম সলনি কৰা হৈছে)য়ে তুলিকা আৰু পেলেট আনি দিছে। এই ২৯ বছৰীয়া নিয়াজক তেওঁৰ চেনেহী পত্নীয়ে সহায় কৰে। তেওঁ থিয় হয় আৰু ৰাবাৰ কেলিপাৰ আৰু এলব’ ক্ৰাটচৰ সহায়ত থিয় হয়। তাৰপিছত কিলাকুটিৰ ক্ৰাটচডাল খুলি লয়, যাতে ছবি অঁকাত তেওঁ অসুবিধা নাপায়। সকলোখিনি যোগাৰ-পাতি হোৱাৰ পিছত যেতিয়া নিয়াজে ছবি আঁকিবলৈ লয়, তেতিয়া সমীৰাই কোঠালি এৰে।

এনেকৈ তেওঁক গোটেই জীৱনটো সহায় লগা আছে, তাৰ কাৰণ হৈছে পলিঅ’ যাক চিকিৎসা বিজ্ঞানৰ ভাষাত পলিঅ’মাইঅ’লাটিচ বুলি কোৱা হয়।

নিয়াজ দিল্লীৰ জামিয়া নগৰৰ এগৰাকী চিত্ৰশিল্পী। শাৰীৰিক অক্ষমতা স্বত্ত্বেও তেওঁ বিৰাট ডাঙৰ ডাঙৰ প্ৰাচীৰ চিত্ৰ আঁকিছে। তেওঁ কয় তেওঁ চালভাড’ ডালি আৰু মধুবনীৰ পৰা অনুপ্ৰাণিত।

নিজৰ শিল্পকৰ্মৰ নিদৰ্শনৰ সৈতে নিয়াজ হুছেইন। বল পেনেৰে অঁকাত পাৰদৰ্শিতা যদিও তেওঁ ৰঙীন প’ৰ্ট্ৰেইতো আঁকে। তেওঁ স্পেনিছ শিল্পী চালভাড’ ডালিৰ পৰা অনুপ্ৰাণিত। আলোকচিত্ৰখন বিকি ৰয়ে তুলিছে | বিকি ৰয়ে ফটোখন তুলিছে 

“এবাৰ মই ১৫ ফুট ওখ পেইণ্টিং এখন কৰিছিলো। কেনভাচখনৰ ওপৰ পাবলৈ মই মোৰ কেলিপাৰ খুলি চকী এখনত ফিক্স কৰি লোৱা টুল এখনত উঠিছিলো। পৰাৰ ভয় কৰা নাছিলো,” নিয়াজে মনত পেলায়। “কেতিয়াবা কেলিপাৰ লাগি মোৰ আঠুৰ ছাল উখহিছে, কিন্তু ছবি আঁকিলে মই সেইবোৰ পাহৰি যাও,” তেওঁ কয়।

সেয়া আছিল ১৯৯৩ৰ দুৰ্ভাগ্যজনক নিশাটো, নিয়াজৰ তীৰকঁপে জ্বৰ উঠিছিল। কেইদিনমান যোৱাৰ পিছত তেওঁৰ বাওঁভৰিখন ভিতৰফালে ভাঁজ লাগিবলৈ ধৰিলে। সময়োচিত আৰু সঠিক চিকিৎসাৰ অভাৱত নিয়াজ আংশিক পক্ষাঘাতৰ চিকাৰ হ’ল। এয়া অস্বাভাৱিক কথা নহয় যে পলিঅ’ত আক্ৰান্ত হোৱা ৫ বছৰ বয়সৰ তলৰ ২০০ শিশুৰ এজনৰ ক্ষেত্ৰত নিৰাময় কৰিব নোৱাৰা পক্ষাঘাত হয়, এয়া ২০২১ৰ বিশ্ব স্বাস্থ্য সংস্থাৰ এক প্ৰতিবেদনৰ তথ্য।

১৯৯৫ত বিশ্বৰ মুঠ পলিঅ’ আক্ৰান্তৰ ৬০ শতাংশই আছিল ভাৰতৰ। ষাঠিৰ দশকত মৌখিক ছিটাৰ ব্যৱস্থা হৈছিল যদিও এনে টিকাকৰণৰ ফলপ্ৰসুতা আছিল কম। সেয়ে পলিঅ’ আক্ৰান্তৰ সংখ্যা তেতিয়াও আছিল, প্ৰতিবেদনত এই কথা কোৱা হৈছে। মৌখিক পলিঅ’ৰ ছিটা দিয়াৰ পিছতহে ২০১৪ত, দুটা দশকৰ মুৰত ভাৰতত পলিঅ’ নিৰ্মূল হয়।

উত্তৰ প্ৰদেশৰ জৌনপুৰ চহৰত নিয়াজৰ জন্ম, তাতেই তেওঁ ডাঙৰ-দীঘল হৈছিল। কেন্দ্ৰ চৰকাৰৰ পালচ্ পলিঅ’ অভিযান তাতো চলিছিল। তেওঁ মাক শ্বেহনাজ বেগমে নিয়াজক ভেকচিন দিয়াবলৈ কেবাবাৰো গিৰীয়েক জাফাৰ খান আৰু তেওঁৰ শহুৰ-শাহুৱেকক অনুৰোধ কৰিছিল। “কিন্তু ভেকচিন (মৌখিক) লৈ শিশু এটি মৃত্যুমুখত পৰা বাবে দেউতাই মাৰ অনুৰোধ নাৰাখিলে। তেতিয়াৰ সময়ত জৌনপুৰত কোনো মহিলাকে অকলে বাহিৰলৈ যাবলৈ দিয়া নহৈছিল,” নিয়াজৰ মাকে বুজাই কয়।

জ্বৰ উঠিবৰ দিনা ৰাতি (১৯৯৩ত) শ্বেহনাজ আৰু তেওঁৰ গিৰীয়েকে তেওঁলোকৰ ঘৰৰ পৰা পাঁচ কিলোমিটাৰ দূৰৰ জৌনপুৰৰ জিলা হস্পিতাললৈ উধাতু খাই যায়। “ডাক্তৰে চাই কয় যে তেওঁৰ পলিঅ’ হৈছে আৰু ‘চিকিৎসাৰ একো উপায় নাই, দিল্লীলৈ নিব লাগিব’,” শ্বেহনাজে মনত পেলায়। সেয়ে নিয়াজৰ সু-চিকিৎসাৰ আশাত পৰিয়ালটো ১৯৯৩ত জৌনপুৰৰ পৰা দিল্লীলৈ উঠি যায়।

দিল্লীত নিয়াজক বিভিন্ন হস্পিতাললৈ লৈ যোৱা হ’ল, কিন্তু ফল নধৰিলে। তেতিয়ালৈ জৌনপুৰলৈ উভতি আহিব পৰাকৈ পৰিয়ালটোৰ হাতত টকা নাছিল, সেয়ে তেওঁলোকে দিল্লীতে কাম বিচাৰিলে আৰু তাতেই থাকিবলৈ ল’লে। “দিল্লীৰ গোবিন্দপুৰত মই আৰু মোৰ স্বামীয়ে দৰ্জীৰ দোকান এখনত কাম কৰিবলৈ ল’লো। আমাক কাপোৰ হিচাপত পইচা দিছিল আৰু মাহে দুয়ো মিলি ২,৫০০ টকা পাইছিলো,” শ্বেহনাজে কয়।

নিয়াজ ডাঙৰ হৈ আহিবলৈ ধৰিছিল, ইফালে মাকে তেওঁৰ নিৰাময়ৰ আশা এৰি নিদি ঘৰুৱাভাৱে শুশ্ৰুষা কৰিবলৈ লৈছিল। তেনেকৈ তেওঁ উপশম পাব বুলি আশা কৰিছিল। “মায়ে মোৰ ভৰিত ইটা বান্ধি থৈছিল। মই শুলে মায়ে সেই ইটাদুটা চাৰপায়ি (বিচনা)ৰ পৰা ওলমাই থৈছিল। ইটাৰ ওজনে মোৰ ভৰিদুখন গোটেই নিশা পোন কৰি ৰাখিছিল,” আজিও সেই বিষৰ কথা মনত পেলাই শিয়ৰি উঠা নিয়াজে কয়। তেওঁ পক্ষাঘাতৰ পৰা সামান্য আৰোগ্যলাভ কৰিলে যদিও তেওঁৰ ভৰিদুখনৰ অৱস্থা একেই হৈ ৰ’ল।

সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ পৰা নিয়াজক ৯০ শতাংশ শাৰীৰিক অক্ষমতাৰ প্ৰমাণপত্ৰ পাইছে, এনেকৈয়ে তেওঁৰ জীৱনটো চলিছে।


পাঁচ বছৰ বয়সত নিয়াজে প্ৰথমবাৰৰ বাবে কেলিপাৰ পিন্ধিছিল। “সেই সময়ত কেলিপাৰবোৰ লোৰে বনোৱা হৈছিল কাৰণে বৰ গধুৰ আছিল। কেলিপাৰৰ ওজন আছিল দুই কিলোগ্ৰাম আৰু কেলিপাৰত থকা নীকেপত লাগি প্ৰায়ে মোৰ কাপোৰ ফালিছিল, আঠুত দুখ পাইছিলো,” তেওঁ কয়।

শাৰীৰিক আৰু আন বিভিন্ন কষ্ট স্বীকাৰ কৰা নিয়াজ স্কুলীয়া দিনত চিত্ৰশিল্পৰ প্ৰতি আগ্ৰহী হৈ পৰিছিল। ফটোখন বন্দনা বান্সলে তুলিছে

নিয়াজক প্ৰায়ে হস্পিতাললৈ নিবলগীয়া হৈছিল, বিষো বহুত বেছি আছিল। সেই কাৰণে তেওঁক ৭ বছৰ বয়সত শ্ৰীনিৱাসপুৰি চৰকাৰী প্ৰাথমিক বিদ্যালয়ত প্ৰথম শ্ৰেণীত নাম লগাই দিয়া হয়। সেই সময়ত তেওঁ খোজ কাঢ়িব পৰা নাছিল আৰু মাকে দাংকোলাকৈ স্কুললৈ নিছিল। স্কুলৰ আন শিশুৰ দৰে তেওঁ ৱাশ্বৰুম ব্যৱহাৰ কৰিব পৰা নাছিল, কষ্ট হৈছিল। তেওঁক সহায় কৰিবলৈ প্ৰায়ে মাকক স্কুলৰ পৰা মাতি পঠিওৱা হৈছিল।

এই সকলো দুখ-যন্ত্ৰণা নেওচি স্কুলত থকা সময়ছোৱাতে নিয়াজ চিত্ৰশিল্পৰ প্ৰতি আগ্ৰহী হৈ পৰিছিল। স্কুলীয়া দিনৰ কথা মনত পেলাই তেওঁ কয়, “মই প্ৰায়ে শেষৰখন বেঞ্চিত বহি আঁক-বাঁক কৰি থাকিছিলো।” চতুৰ্থ শ্ৰেণীত থাকোতে চিত্ৰাংকণ প্ৰতিযোগিতা এখনৰ বাবে তেওঁ আবেদন কৰিছিল যদিও নিৰ্বাচিত নহ’ল। “আৰু ভালকৈ ছবি আঁকিব লাগিব বুলি মই বুজিছিলো,” তেওঁ কয়।

ফ্ৰীলান্স কৰাৰ দিনত নিয়াজ আৰু তেওঁৰ টিমটোৱে দিল্লী উচ্চ ন্যায়ালয়ৰ কাষত অঁকা প্ৰাচীৰ চিত্ৰ। বিকি ৰয়ে ফটোখন তুলিছে  

ঘৰত অহাৰ পিছত নিয়াজক প্ৰায়ে দেউতাকে মাৰ-ধৰ কৰিছিল। ছবি অঁকাটো ইছলাম ধৰ্মত নিষিদ্ধ, সেই কামকে নিয়াজে কৰাত দেউতাকৰ সহ্য় নহৈছিল।

ঘৰৰ চাৰিসন্তানৰ ভিতৰত নিয়াজ আছিল ডাঙৰজন। সেয়ে পলিঅ’ থকা স্বত্ত্বেও তেওঁ দায়িত্ব মুৰপাতি ল’বলগীয়া হৈছিল। পৰিয়ালক সহায় কৰিবলৈ তেওঁ স্কুলীয়া শিক্ষা সাং কৰি কাম কৰিবলৈ লৈছিল। খুৰাকৰ লগত লগ লাগি তেওঁ অখলা মান্দিত পাচলি বিক্ৰী কৰিছিল আৰু দিনে ২০০-২৫০ টকা উপাৰ্জন হৈছিল। পুৱাৰ ভাগৰ উপাৰ্জনখিনি তেওঁ ঘৰত দিছিল আৰু বাকীখিনি ছবি অঁকা বস্তু কিনিবলৈ ৰাখিছিল। “মান্দিত পিছবেলা জিৰণি লোৱা শ্ৰমিকৰ ছবি আঁকিবলৈ মই ভাল পাইছিলো,” নিয়াজে কয়। ১৯ বছৰ বয়সত তেওঁ মেহেন্দী আৰু টাটু আৰ্টিষ্ট হিচাপেও অলপদিনৰ কাৰণে কাম কৰিছিল আৰু আচবাবৰ দোকান এখনত ডিজাইন কাটিছিল। তেনেকৈ তেওঁ ভাস্কৰ্য্যশিল্পৰ ব্যৱহাৰিক জ্ঞান লাভ কৰিছিল। “যি কৰোঁ সেয়া মোৰ চিত্ৰশিল্পৰ সৈতে জৰিত থকাটো মই নিশ্চিত কৰিছিলো,” তেওঁ বুজাই ক।

২০১৫ চনৰ কথা, নিয়াজৰ তেতিয়া ২৩ বছৰ বয়স। তেওঁ দিল্লীৰ প্ৰসিদ্ধ জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ত চাৰুকলাৰ পাঠ্যক্ৰম এটাৰ বাবে নামভৰ্তি কৰে। চাৰিবছৰীয়া পাঠ্যক্ৰম সমাপ্ত কৰাৰ পিছত তেওঁ ইণ্ডিয়া গেট, বাহাদুৰ শ্বাহ জফৰ মাৰ্গ আৰু দিল্লী গ’লফ ক’ৰ্ছত প্ৰাইভেট কোম্পানী এটাৰ হৈ প্ৰাচীৰ চিত্ৰ অংকন কৰে।

নিয়াজে সমীৰাক প্ৰথমবাৰৰ বাবে লগ পাইছিল তেওঁৰ ভগ্নী মমতাৰ কাৰণে দিব্যাংগৰ প্ৰমাণপত্ৰৰ কামত কিবা সহায় কৰি দিও বুলি তেওঁলোকৰ ঘৰলৈ যাওঁতে। এনেকৈ প্ৰমাণপত্ৰৰ কামত তেওঁ বস্তিটোত থকা লোকসকলক সদায় সহায় কৰি আহিছিল। “মই শ্ৰীনিৱাসপুৰিৰ মানুহক এই কামত সহায় কৰি দিছিলো আৰু এনেকৈয়ে তেওঁক লগ পাইছিলো,” নিয়াজে কয়। ২০২০ত দুয়ো একেলগে সাতটা বছৰ সম্পূৰ্ণ কৰাৰ পিছত বিয়া হোৱাৰ সিদ্ধান্ত লয়। “প্ৰপ’জ কৰিছিল, আঁচল প্লাজাত ফুল দি প্ৰেমৰ প্ৰস্তাৱ দিছিল, আপোনাক ভাল লাগে… আপোনাক বিয়া পাতিব খোজো,’ তেওঁক যে ভাল লাগে সেই কথা খুলি কৈছিল,” সমীৰাই কয়।

নিয়াজে এতিয়া তেওঁৰ পত্নী, মাক-দেউতাক আৰু তিনি সৰু ভায়েকৰ সৈতে জামিয়া নগৰৰ এটা ভাৰাঘৰত থাকে। বছৰত তেওঁৰ গঢ়ে তিনিৰ পৰা চাৰিখন পেইণ্টিং বিক্ৰী হয় আৰু তেওঁৰ পেইণ্টিঙৰ দাম ৩০,০০০ৰ পৰা ২.৮ লাখ টকা হয়। তেওঁ বেচৰকাৰী সংস্থা এটাত (নাম প্ৰকাশত অনিচ্ছুক) গ্ৰাফিক ডিজাইনাৰ হিচাপে পূৰ্ণকালীন কাম কৰে আৰু ফিজিকেল আৰ্ট ইনষ্টলেচন কৰে। “মহামাৰীৰ বছৰটো মোৰ চিত্ৰকৰ্মৰ বাবে খুবেই বাল আছিল। মই ঘৰৰ পৰা কাম কৰিছিলো আৰু ছবি আঁকিবলৈ ভালেখিনি সময় পাইছিলো। তিনিমাহত মই ছখন পেইণ্টিং বিক্ৰী কৰিছিলো,” তেওঁ এইখিনি কথাৰ লগতে ইয়াকো কয় যে “পইচা ঘটা মোৰ উদ্দেশ্য নহয়। মই নাম কৰিব খোজো। মানুহে মোক ‘নিয়াজ হুছেইন’ বুলি চিনি পাওঁক, সেয়া বিচাৰো।”

পাৰি এডুকেচনে ছাত্ৰ-ছাত্ৰীক উপান্ত শ্ৰেণীৰ ওপৰত লিখিবলৈ উৎসাহ যোগায়। বাধাগ্ৰস্ত লোকৰ ওপৰত কৰা এই প্ৰতিবেদনৰ শৃংখলা পুণেৰ তথাপি ট্ৰাষ্টৰ পৃষ্ঠপোষকতাত কৰা হৈছে। আপুনি এই প্ৰতিবেদন পুনৰ প্ৰকাশ কৰিব বিচাৰিছে যদি namita@ruralindiaonline.org-ক cc-ত ৰাখি zahra@ruralindiaonline.org লৈ মেইল কৰক।  

Editor's note

বন্দনা বাঞ্চল বিবেকানন্দ ইনষ্টিটিউট অৱ প্ৰফেছনেল ষ্টাডিজ, নতুন দিল্লীৰ সাংবাদিকতা আৰু গণসংযোগৰ চুড়ান্ত বৰ্ষৰ ছাত্ৰী। তেওঁ কয়, “নিয়াজৰ ষ্ট’ৰিটো কৰাটো একপ্ৰকাৰ প্ৰত্যাহ্বানেই আছিল। পৰিয়ালটোৱে দুৰ্বিসহ স্মৃতিবোৰ পাহৰি পেলাইছিল আৰু বিষয়টোৰ স্পৰ্শকাতৰতাৰ প্ৰতি লক্ষ্য ৰাখি আগবাঢ়িবলগীয়া হৈছিল। সম্পাদকীয়া প্ৰক্ৰিয়াই মোক সাংবাদিকতাত কেনেকৈ সুক্ষ্মতম দিশ চালি-জাৰি চাবলগীয়া হয়, সেয়া শিকালে। মৰ্য্যাদা বজাই ৰাখি বাধাগ্ৰস্ত লোকৰ ওপৰত ষ্ট’ৰি কৰিবলৈ কেনেকৈ আগবাঢ়িব লাগে, সেয়া মই পাৰিৰ পৰা শিকিলো।” প্ৰতিবেদকৰ আগৰটো ষ্ট’ৰি ‘ৰূপান্তৰিত পুৰুষৰ সঁচা পৰিচয়ৰে মই জীয়াব খোজো’ ২০২১ৰ ২৭ নৱেম্বৰত প্ৰকাশ পাইছিল।

অনুবাদঃ পংকজ দাস

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।