
কালীন ৱান (দলিচা বোৱা শালখন) খুলি সামৰি-সুতৰি আঁতৰাই থোৱা হ’ল। যিঠাইত সেইখন পাতি থোৱা আছিল, পইছা অলপ কমকৈ খৰছ হওঁক বুলিয়ে তাতেই ভায়েক মহম্মদৰ পৰিয়ালটো আহি থাকিবলৈ ল’লে। “২০২১ৰ মে’ত মোৰ ভাইটোৰ পজিটিভ (ক’ভিড-১৯) ওলোৱাত আমি বোৱা-কটা কাম বন্ধ কৰিলো,” ফাটিমা বেগমে কয়। তেওঁ আৰু তেওঁৰ গিৰীয়েক নাজিৰ আহমদ ভাটে কাশ্মীৰৰ বাণ্ডিপ’ৰে জিলাৰ গুণ্ড প্ৰাং গাঁৱত প্ৰায় ২৫ বছৰ ধৰি দলিচা বোৱা কাম কৰি আহিছে।
ফাটিমাৰ সৰু ভায়েক মহম্মদ আশ্ৰাফ (৩২) অতিমাৰীৰ আগতে টেক্সি চালক হিচাপে কাম কৰিছিল, লকডাউনৰ কাৰণে সেই কাম বন্ধ হ’ল। তেওঁ স্থানীয় টেক্সি ষ্টেণ্ডত কাম কৰি মাহে ৬,০০০ টকা উপাৰ্জন কৰিছিল। “পুৰণি বাহনবোৰ বন্ধ কৰিব বুলি নিৰ্দেশ ওলোৱাত ২০১৯ত তেওঁ নিজৰ টাটা চুমোখন বিক্ৰী কৰিছিল,” মহম্মদৰ পত্নী শ্বাহজাদাই কয়। গিৰীয়েকে কথা ক’ব নোৱাৰে কাৰণে তেঁৱেই কথাখিনি কৈ গৈছে। তেওঁ কথা ক’ব পৰা নাই, হাঁপানীৰ লগতে ক’ভিডৰ লক্ষণে দেখা দিয়াত তেওঁৰ স্বাস্থ্য বেয়া হৈ পৰিছে।
লকডাউনৰ সময়ছোৱাত গাড়ী চলাব নোৱাৰা হোৱাত টেক্সিখন বিক্ৰী কৰি তেওঁলোকে পোৱা ১ লাখ টকাৰে ২০২০ৰ মাৰ্চৰ সেই সময়ছোৱা তেওঁলোকে কোনোমতে পাৰ কৰিলে। তেওঁলোকৰ ল’ৰা মুনীৰ (১২) আৰ্ছালান (১০) আৰু আদিল (৬)য়ে সেইখন গাঁৱৰে স্নাতকোত্তৰ শ্ৰেণীত পঢ়ি থকা ল’ৰা এজনৰ ওচৰত টিউশ্যন লৈ পঢ়া-শুনা কৰি থাকিল। তিনিটা ল’ৰাৰ কাগজ-কলমৰ খৰছকে ধৰি টিউশ্যনৰ মাচুল মিলি ৩,০০০ পৰ্যন্ত খৰছ হয়।


মহম্মদে ঝেলুম নদীৰ পাৰত দিনহাজিৰা কৰি পেট পোহাৰ চেষ্টা কৰিলে (বালি সংগ্ৰহ কৰি)। তাতে তেওঁ দিনে ৫০০ টকাকৈ পাইছিল। কিন্তু তেওঁৰ হাঁপানী থকা কাৰণে সদায় সেই কাম কৰাত কষ্ট হৈছিল, নিয়মীয়াকৈ কৰিব নোৱাৰিছিল।
২০২১ৰ ২১ মে’ৰ দিনা মহম্মদে উশাহ ল’ব নোৱাৰা হোৱাত শ্বাহজাদাই কাষৰে ফাটিমা আৰু নাজিৰৰ ঘৰলৈ উধাতু খাই সহায় বিচাৰি গ’ল। এম্বুলেঞ্চ এখন মাতিবলৈ হাজিনৰ সামূহিক স্বাস্থ্যকেন্দ্ৰটোৰ কাৰো সৈতে তেওঁলোকে যোগাযোগ কৰিব নোৱাৰিলে। “মোৰ স্বামী, পুত্ৰ আৰু ভাইটোৱে তিনি-চাৰি কিলোমিটাৰমান খোজকাঢ়ি গৈ স্বাস্থ্যকেন্দ্ৰটোলৈ যোৱা গাড়ী এখনত উঠিল,” বেমাৰী মানুহ এজনৰ সৈতে কৰা দীঘলীয়া যাত্ৰাটোৰ কথা মনত পেলাই ফাটিমাই কয়।
৩ লাখৰো অধিক জনবসতিৰ বান্দিপ’ৰে জিলাৰ তিনিটা সামূহিক স্বাস্থ্যকেন্দ্ৰৰ মাজৰ এটা, সেই হাজিন স্বাস্থ্যকেন্দ্ৰটোত তেওঁলোক যেনেতেনে উপস্থিত হ’ল ঠিকেই, কিন্তু কাৰো পৰা একো সঁহাৰি নাপালে, আনকি মহম্মদৰ ক’ভিড ৰোগ ধৰা পৰাৰ পিছতো। “আনকি ডাক্তৰে ৰোগীৰ কাষলৈ অহা নাছিল,” নাজিৰে কয়। দ্বিতীয়দিনা মহম্মদক অক্সিজেন লগা হৈছিল। সেইদেখি পৰিয়ালে কোনোমতে অক্সিজেন থকা বাণ্ডিপ’ৰেৰ একমাত্ৰ চৰকাৰী হস্পিতাল, ডিষ্ট্ৰিক্ট হস্পিতাল বাণ্ডিপ’ৰে (ডিএইছবি)লৈ যৎপৰোনাস্তি চেষ্টা কৰি ততালিকে লৈ গ’ল


“এম্বুলেঞ্চত মই কোৰানৰ আয়ত পঢ়িছিলো। সেয়া আছিল মোৰ জীৱনৰ আটাইতকৈ কঠিন আৰু দীঘল ভ্ৰমণবোৰৰ এটা,” ভাই জোৱায়েক মহম্মদৰ লগত ডিএইছবিলৈ ২২ কিলোমিটাৰৰ যাত্ৰাত সংগ দিয়া নাজিৰে কয়।
মহম্মদৰ পত্নী শ্বাহজাদা গৰ্ভধাৰণ কৰাৰ নমাহ হ’ল। যিকোনো সময়তে সন্তান প্ৰসৱ কৰিব পাৰে। গিৰীয়েকৰ কথা চিন্তা কৰি উদ্বিগ্ন হৈ পৰা শ্বাহজাদাই কয়, “জিলা হস্পিতাললৈ তেওঁক নিওতে মই মোৰ কাণফুলি বিক্ৰী কৰি দিছিলো। সেইখিনিৰ দাম ৮,০০০ টকা আছিল, কিন্তু মই ৪৫০০ টকাতে বিক্ৰী কৰি দিছিলো। ঘৰত ল’ৰা-ছোৱালীকেইটাৰ কাৰণে কিবা-কিবি কিনিবলগীয়া আছিল, ঘৰৰ খৰছ আৰু চিকিৎসাৰ সামগ্ৰীও কিনিবলগীয়াত পৰিছিল।” চাৰিটা সন্তান আৰু মহম্মদৰ বয়োবৃদ্ধ মাতৃ ৰাজা বেগমেৰে পৰিয়ালটো চলাবলৈ অসুবিধা পোৱা শ্বাহজাদাই শেষত ফাটিমা-নাজিৰৰ ঘৰত আশ্ৰয় ল’লে।



বাওঁফালেঃ বাণ্ডিপ’ৰে জিলাৰ হাজিনস্থিত স্বাস্থ্যকেন্দ্ৰটোত শ্বাহজাদা বানোই গৰ্ভাৱস্থাৰ স্বাস্থ্যপৰীক্ষা কৰাইছে। সোঁফালে ওপৰতঃ দহ বছৰ বয়সীয়া আৰ্ছালান শ্বাহজাদা আৰু মহম্মদৰ চাৰিজন পুত্ৰৰ মাজৰ এজন। তলতঃ দুবছৰীয়া পুত্ৰ আজানৰ সৈতে শ্বাহজাদা। ফটোবোৰ ওমৰ পাৰাই তুলিছে
জিলা হস্পিতালত নাজিৰে মহম্মদৰ আলপৈচান ধৰাত ব্যস্ত। “অক্সিজেন কনচেণ্ট্ৰেটৰটোৰ সৈতে তেওঁক ৱাশ্বৰুমলৈ নিবলগীয়া হয়। তেওঁক খাদ্য আৰু ঔষধ খুৱাই দিবলগীয়া হয়, ডাক্তৰৰ সৈতে কথা পাতিবলগীয়া হয়,” নাজিৰৰ পুত্ৰ ২১ বছৰীয়া ৱাছিমে কয়। বাণ্ডিপ’ৰেৰ ছম্বল চহৰৰ গৰ্ভমেণ্ট ডিগ্ৰী কলেজৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ ৱাছিমে যোৱা মাহত এটাও অনলাইন ক্লাচ কৰিব পৰা নাই। “পৰিয়ালৰ উপাৰ্জনত সহায় কৰিবলৈ তেওঁৰ ডাঙৰজন ককায়েক মাছুকে ১০ম মানতে পঢ়াশালি এৰিছিল। জমছিদা (ভনীয়েক)য়ে ভালকৈ চকুৰে নেদেখে, তেওঁ ৯ম মানতকৈ বেছি পঢ়িব নোৱাৰিলে। মোৰ সৰুজনী ভনী আছিফা আৰু ময়েই পঢ়িবলৈ সক্ষম হৈছো,” তেওঁ কয়।
মহম্মদৰ অসুখ বাঢ়ি অহাত তেওঁক শ্ৰীনগৰৰ শ্বেৰ-ই-কাশ্মীৰ ইনষ্টিটিউট অৱ মেডিকেল চায়েন্সেজ (স্কিমচ)লৈ নিয়া হ’ল। তাতে তিনিসপ্তাহৰ চিকিৎসাৰ অন্তত তেওঁক ডিচাৰ্জ দিয়া হ’ল। ডিচাৰ্জ দিয়াৰ পিছতো পৰিয়ালটোৱে আৰ্থিক অনাটনৰ পৰা মুক্তি নাপালে। পৰিয়ালটোৱে চুবুৰীয়া আৰু সম্পৰ্কীয়ৰ পৰা লোৱা ২৫,০০০ টকাৰ ধাৰো শুজিব পৰা নাছিল। ”আমি মামুৰ (মোৰ খুড়াৰ) চিকিৎসাৰ নামতে ৫৭,০০০ৰো অধিক টকা খৰছ কৰিছো। এতিয়াও বহু বাকী আছে,’’ তেওঁ কয়, ঋণৰ বোজাক লৈ তেওঁক চিন্তিত হৈ পৰা দেখা গৈছে।
তাৰপিছত মহম্মদৰ আকৌ ক’ভিডৰ পাছৰ চিকিৎসাও নাজিৰ আৰু তেওঁৰ পৰিয়ালটোৱে যোগাৰ কৰিব লাগিব। ”দিনে-ৰাতিয়ে তেওঁক অক্সিজেনৰ প্ৰয়োজন হোৱা কাৰণে গাঁৱৰ ৱাকফ কমিটিয়ে তেওঁলৈ অক্সিজেন কনচেণ্ট্ৰেটেৰ এটা দান দিছে। কিন্তু আমাৰ ইয়াত দিনে দুই-তিনি ঘণ্টালৈ কাৰেণ্ট কাটে আৰু আমি দিনে ৫০০ টকাকৈ দি জেনেৰেটৰ ভাড়া কৰিবলগীয়া হয়। তাতে আকৌ ১,২০০ টকা দি সেয়া চলাবলগীয়া হয়,’’ নাজিৰে কয়।
নাজিৰৰ ডাঙৰজন পুত্ৰ মাছুকে (২৫) যি পায় সেই কামকেই কৰিছে। প্ৰায়ে কনষ্ট্ৰাকছন ছাইটত আৰু তেওঁৰ গাঁৱৰ আশে-পাশে হাজিৰা কৰে। তেওঁ দিনে এই কামত ২০০ টকা পায়। এই দহজনীয়া পৰিয়ালটোৱে এইখিনিৰে আৰু আত্মীয়-কুটুমৰ সহানুভূতিৰে চলিবলৈ যত্ন কৰিছে। ফাটিমাই কয়, প্ৰতিটো দিনেই এক প্ৰত্যাহ্বান।


মহম্মদৰ পৰিয়ালটো আহোতে এটা কোঠা আগুৰি থকা তাঁতশালখন আঁতৰাই তেওঁলোক দহজনৰ কাৰণে ঠাই মুকলি কৰা হ’ল। ফাটিমা আৰু নাজিৰৰ দলিচা বোৱা কামৰো আধ্যা পৰিল। “আমি যোৱা বছৰৰ পৰা কালীন বোৱা আৰম্ভ কৰিছিলো আৰু সেয়া ডেলিভাৰি কৰাৰ পিছতহে তাৰ মূল্য পাম,” তেওঁ কয়। এই দলিচা বেচি তেওঁলোকে প্ৰায় ২৮,০০০ টকা পাব। তেওঁলোকে শ্ৰীনগৰৰ এজন দোকানীৰ সৈতে কামৰ চুক্তি কৰিছে। সেই দোকানীজনে নক্সি মানে ডিজাইন, কেঁচামাল (কপাহ আৰু ভেড়াৰ ঊল) আৰু ৰং লৈ শ্ৰীনগৰৰ পৰা গাড়ী লৈ তালৈ আহে।
পাঁচ ফুট বহল আৰু ছয় ফুট দীঘল দলিচা এখন ববলৈ ফাটিমা্ আৰু তেওঁৰ গিৰীয়েকে দিনে আঠ ঘণ্টাকৈ সপ্তাহত ছদিন গোটেই বছৰটো কাম কৰিবলগীয়া হয়। “মই বিয়া হোৱাৰ পিছত নাজিৰৰ পৰা এই কাম শিকিছিলো। মোৰ তেতিয়া বয়স ১৫ আছিল, তেওঁৰ আছিল ১৬,” ফাটিমাই মনত পেলালে। “এদিনত পাঁচ টকা পোৱা দিনৰে পৰা মই কালীন কায়েম (দলিচা বোৱা) কাম কৰি আহিছো। এতিয়া আমি পোৱা হাজিৰাখিনি (৮০ টকা) পৰ্য্যাপ্ত নহয়,” নাজিৰে কয়।
ফাটিমা আৰু নাজিৰৰ ঘৰ থকা গুণ্ড প্ৰাঙৰ পৰা ছয় কিলোমিটাৰ দূৰৰ হাজান চহৰত প্ৰস্তুত হোৱা আৰু আটাইতকৈ বেছি ৰপ্তানি হোৱা পণ্যৰ ভিতৰত দলিচাও পৰে, এয়া ২০১১ৰ লোকপিয়লৰ তথ্য। তথাপি তেওঁলোকৰ পৰিয়ালটোৰ দৰে দলিচা বোৱা আন পৰিয়ালকো সেই টকাৰে চলিবলৈ নোজোৰে। ছেপ্টেম্বৰত আপেলৰ ছিজন পৰিলে নাজিৰে দিনে ৪০০ টকা হাজিৰাত কৃষি শ্ৰমিকৰ কাম কৰে। কিন্তু সেই কাম ১০ দিনো নাথাকে। জুন-জুলাই ধান সিঁচা কাম কৰি তেওঁ চাৰি-পাঁচদিনৰ বাবে পৰিমাণৰ টকা উপাৰ্জন কৰে।
Editor's note
ওমৰ পাৰাই ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত স্নাতক পাঠ্যক্ৰম পঢ়ি আছে। তেওঁ কিছুবছৰ ধৰি ফটোগ্ৰাফি কৰি আহিছে। তেওঁ কয়, ''পাৰিয়ে কাহিনীবোৰ কোৱাৰ শৈলীৰ পৰা মই শিকিব পাৰিছো। সৰু সৰু বিৱৰণো যে অতি গুৰুত্বপূৰ্ণ, সেয়া মই াাউপলব্ধি কৰিছো। কাৰোবাৰ নামৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ গাওঁখন লোকপিয়লত লিপিবদ্ধ আছে নে নাই সেইপৰ্যন্ত তথ্য সত্যাপন কৰিবলৈ শিকিছো। প্ৰতিবেদন এখন সত্যৰ আধাৰত প্ৰতিষ্ঠিত কৰিব পৰাকৈ ডেটা বিচাৰি উলিওৱাৰ এই সমগ্ৰ প্ৰক্ৰিয়াটোৱে মোৰ বাবে এক শিকন অভিজ্ঞতা।"
অনুবাদঃ পংকজ দাস এগৰাকী অনুবাদক আৰু অসমীয়া নিউজ পৰ্টেল newsnextone.com ৰ সহ-প্ৰতিস্থাপক। যোগাযোগৰ ইমেইল আইডি pankajdas400@gmail.com