বুলড’জাৰৰ ঘৰ্ ঘৰ্ শব্দ, মানে সোনকালে তালি-টোপোলা বান্ধি আঁতৰি দিব লাগিব। পুৰণি ওচমানপুৰৰ বাসিন্দাসকলৰ বাবে এই পৰিস্থিতি নতুন নহয়। আৱৰ্জনা বোটলা, ৰিক্সা চালক, পেলনীয়া বস্তুৰ বেপাৰী আৰু ভিক্ষাৰীসকল বাস কৰা এই চুবুৰীটোত প্ৰায়েই এনেকৈ তেওঁলোকে নিজৰ অস্থায়ী ঘৰবোৰ হেৰুৱাবলগীয়া হয়। যোৱাটো দশকত তেওঁলোকে ভালেকেইবাৰ এনেকৈ উচ্ছেদৰ সন্মুখীন হ’বলগীয়া হৈছে। 

“ঝুগ্গি সলোৱাত অভ্যস্ত হৈ পৰিছো,” সাপেৰা সম্প্ৰদায়ৰ সদস্য ৰঘুৱে (নাম সলনি কৰা হৈছে) কয়। সাপেৰা এটা ডিন’টিফাইড জনজাতি, কিন্তু কল্যাণমূলক আঁচনিৰ সা-সুবিধা লাভ কৰাত ব্যৰ্থ।

যমুনা নদীৰ পৰা কেইমিটাৰমান দূৰত থকা পুৰণি ওচমানপুৰ গাওঁখন নদীখনৰ প্লাৱনভূমিৰ এটা অংশ। সাংঘাতিক প্ৰদূষিত যমুনা নদীখন পুনৰুজ্জীৱিতকৰণৰ হেতু ২০১০ত দিল্লী বিকাশ কৰ্তৃপক্ষই এই অঞ্চলটো অ’ মণ্ডল হিচাপে চিনাক্ত কৰিছিল। দিল্লীৰ মাজেৰে নদীখনৰ ২২ কিলোমিটাৰ পৰে আৰু দিল্লী বিকাশ কৰ্তৃপক্ষই নৈৰ পাৰত বিনোদনমূলক অঞ্চল সৃষ্টি কৰাৰ পৰিকল্পনা কৰিছে।

ৰাষ্ট্ৰীয় সেউজ প্ৰাধীকৰণ (এন.জি.টি.)য়ে ২০১৪ত প্লাৱনভূমিত নিৰ্মাণ আৰু বিকাশমূলক কাৰ্য্যকলাপ নিষিদ্ধ কৰিছিল। তেতিয়াৰে পৰা চৰকাৰী বিষয়াই প্ৰায়েই বেদখল বিৰোধী উচ্ছেদ অভিযান চলাই আহিছে। প্ৰায়েই অঞ্চলটোৰ বাসিন্দাসকলক কোনো আগতীয়া জাননী দিয়া নহয়। “কোনো আলোচনা-বিলোচনা নাই। তেওঁলোকে একো নকয়। আহে আৰু ঘৰ ভাঙি যায়, কয় যে সেয়া চৰকাৰৰ মাটি,” সঘনাই হোৱা উচ্ছেদৰ কথা ৰঘুৱে কয়। 

হঠাতে এনেকৈ ঘৰ ভাঙি দিয়া আৰু বস্তু-বাহিনী তচনচ কৰা মানে তেওঁলোক কেবামাহলৈ আশ্ৰয়হীন হৈ পৰা। “২০২০ত যেতিয়া তেওঁলোকে আমাৰ ঝুগ্গিবোৰ ভাঙিছিল, তেতিয়া আমি কেবামাহো প্ৰচণ্ড শীতত কঁপি থাকিবলগীয়া হৈছিল, আমাৰ আশ্ৰয় নাছিল। বিশেষকৈ আমাৰ বয়সস্থ মানুহখিনিয়ে কষ্ট পাইছিল। পাঁচটা পৰিয়ালে একুৰা জুই আগুৰি শীতৰ পৰা বাচিবলৈ চেষ্টা কৰিছিল,” ৰুবীনাই কয় (তেওঁ নিজৰ উপাধিটো নিলিখে)। 

পুৰণি ওচমানপুৰৰ এগৰাকী বাসিন্দা হিচাপে তেওঁ এই বসতিস্থলৰ বঙালী লোক থকা অংশত দিন কটাই আহিছে। পশ্চিমবংগৰ পৰা মাক-দেউতাকে ইয়ালৈ প্ৰব্ৰজন কৰি অহাৰ সময়ত তেওঁ কোলাৰ কেঁচুৱা আছিল। প্ৰতিবাৰ যেতিয়া ঘৰবোৰ ভাঙি পেলোৱা হয়, “আমি কষ্ট স্বীকাৰ কৰি সাহস নেহেৰুৱাই পুনৰাই ঘৰ সাজো,” তেওঁ কয়। 

তাত প্ৰতিঘৰ মানুহে দিন হাজিৰা কৰে আৰু বাকীখিনি সময়ত তেওঁলোকৰ ঘৰখন উচ্ছেদ হোৱাৰ পৰা বচাবলৈ চেষ্টা কৰে। “আমাৰ মানুহৰ উপাৰ্জনৰ মূল উৎস হৈছে পেলনীয়া সামগ্ৰী বোটলা, ভিক্ষা খোজা আৰু ৰিক্সা চলোৱা। কোনোবাদিনা আমাৰ এটকাও উপাৰ্জন নহয়। কেনেকৈ ভাৰা দিম?” ৰুবীনাই কয়। তেওঁ কয় যে অঞ্চলটোত ভাৰা ৪,০০০ টকালৈ হয় আৰু বাসিন্দাসকলৰ বাবে ৰাজ্য চৰকাৰৰ সাহায্যপ্ৰাপ্ত হাউছিঙৰ কোনো বিকল্প নাই।

ওচমানপুৰৰ কোনো জাননী বা সতৰ্কতা জাৰী নকৰাকৈয়ে ঘৰ আৰু সা-সম্পত্তি উচ্ছেদ কৰা হয়। বাংলা বস্তিৰ বাসিন্দা ৰুবীনাৰ চিন্তা হয় যে এনেকৈ ঘৰ সলনি কৰি থকাৰ ফলত তেওঁৰ সন্তানকেইটাৰ শিক্ষাত বেয়া প্ৰভাৱ পৰিব। আলোকচিত্ৰ ঈশনা গুপ্তা 

২০২২ৰ মে’ মাহত পুৰণি ওচমানপুৰৰ বাসিন্দাসকলে জানিব পাৰিলে যে তেওঁলোকৰ বসতিস্থলত ৫ আৰু ৭ জুনত ডাঙৰ উচ্ছেদ অভিযান চলিব। কোনো চৰকাৰী জাননী তেওঁলোকে পোৱা নাছিল বুলি তেওঁলোকে কয়।

“আমি শুনিছিলো যে আমি যদি আঁতৰি নিদিও, তেনেহ’লে কৰ্তৃপক্ষই সকলো তচনচ কৰি পেলাব,” ৰুবীনাই কয়। কাষৰে চৰকাৰী বিদ্যালয় নগৰ নিগম প্ৰতিভা বিদ্যালয়ত অধ্যয়নৰত তেওঁৰ ল’ৰা-ছোৱালীকেইটাক লৈ তেওঁ চিন্তিত হয়। ঠাই সলাই আকৌ নতুন এখন বিদ্যালয়ত নামভৰ্তি কৰাটো টান কাম আৰু সিহঁত স্কুলৰ পৰা এৰা খাবও পাৰে। “আমাৰ সন্তানহঁতক কেনেকৈ ডাঙৰ কৰিম?” তেওঁ প্ৰশ্ন কৰে।  

নান্নি দেৱীয়ে পুৰণি ওচমানপুৰ গাঁৱত প্ৰায় গোটেই জীৱনটো কটাইছে। পইচা নাথাকিলেও তেওঁলোকে পুনৰাই ঘৰ সাজিবলগীয়াত পৰে। “খাবলৈ পইচা নাথাকিলে কেনেকৈ ঘৰ ভাৰা কৰি থাকিম? ভাৰা দিবলৈ পইচা ক’ৰপৰা পাম? মানুহে ভিক্ষা মাগিছে নাইবা পেলনীয়া সামগ্ৰী বুটলি পেট প্ৰৱৰ্তাইছে,” তেওঁ আঙুলিয়াই দিয়ে। 

৬৮ বছৰ বয়সীয়া নান্নিয়ে মনত পেলায় কেনেকৈ সেই ঠাইখন এটা সময়ত ঘেঁহুৰ খেতিৰে ভৰি আছিল। তাত কৰা খেতিৰ পাচলি বিক্ৰীও কৰা হৈছিল। “ঠাইখন দেখাত এনেকুৱা নাছিল। সকলোতে শস্যৰে ভৰি আছিল,” তেওঁ কয়। 

অঞ্চলটো অবৈধ দখলৰ পৰা মুক্ত কৰিবলৈ এন.জি.টি.য়ে তাত চলোৱা অভিযানৰ পিছত তাত খেতি-বাতি নিষিদ্ধ কৰা হ’ল। এনে অভিযান যোৱা আঢ়ৈটা বছৰত সঘনাই হ’ব ধৰিছে। “বিভিন্ন সময়ত বিভিন্নজনৰ পৰা মাটি কাঢ়ি লোৱা হৈছে। আমাৰ অঞ্চলটোত ২০২১ত উচ্ছেদ অভিযান চলিছিল,” তেওঁ যোগ দিয়ে। 

যতনাই ৰোৱা গছবোৰ হেৰুওৱাক লৈ নান্নি দেৱীয়ে দুখ কৰে। “উচ্ছেদ চলিলে তেওঁলোকে গছ এডালো নেৰে। সিহঁতে একোকে নেৰে। আমাৰ জামু, আম আৰু কলৰ গছ আছিল। ইমান কষ্ট কৰি ডাঙৰ কৰিছিলো,” তেওঁ কয়। 

ৰঘুৱে কয় যে সাপেৰা সম্প্ৰদায়ৰ প্ৰায়ভাগ লোকেই শ্ৰমিক নাইবা পেলনীয়া সামগ্ৰীৰ বেপাৰী। “আমাৰ পূৰ্বপুৰুষসকল সদায়েই ইঠাইৰ পৰা সিঠাইলৈ ভ্ৰমি ফুৰিছিল। আমাৰ কোনো পৈত্ৰিক ভূমি নাই।” আনক দিয়াৰ দৰে যদি চৰকাৰে তেওঁলোককো ভূমি দিলেহেঁতেন, তেতিয়া তেওঁলোকে স্থায়ী ঘৰ সাজিব পাৰিলেহেঁতেন, তেওঁ কয়। নান্নিয়ে এই কথা লৈ একমত। তেওঁ কয়, “চৰাকৰে আমাক অকণমান মাটি দিব লাগে যাতে আমি আমাৰ সন্তানক থাকিবলৈ ঠাই এটুকুৰা দিব পাৰো, জীয়াই থাকিব পাৰো। আমাক যি সহায়ৰ প্ৰয়োজন, সেয়া আমি পোৱা নাই। তেওঁলোকে আমাৰ পৰা খেতি লৈ গ’ল, অন্ততঃ আমাক জীয়াই থাকিবলৈ দিয়ক।”   

পাৰিৰ হ’মপে’জলৈ যাবলৈ ইয়াত ক্লিক্ কৰক।  

Editor's note

ঈশনা গুপ্তাই অলপতে অন্ধ্ৰপ্ৰদেশৰ শ্ৰী চিটিৰ ক্ৰেয়া বিশ্ববিদ্যালয়ৰ পৰা সমাজ অধ্যয়ন বিষয়ত স্নাতক শিক্ষা সাং কৰিছে। চহৰৰ বস্তি অঞ্চল, অনুমতিবিহীন চুবুৰী আৰু ঝুগ্গি-ঝৌপৰি আদিৰ মানুহৰ দৈনন্দিন জীৱন আৰু সমস্যাৰাজিক দিল্লীৰ মূলসূঁতিৰ সংবাদ মাধ্যমে সততে উপেক্ষা কৰি অহা হেতুকে তেওঁ এইটো বিষয়ত প্ৰতিবেদন যুগুতাব বিচাৰিছিল। 

তেওঁ কয়: “বিভিন্ন দৃষ্টিভংগীৰে বিভিন্ন স্তৰৰ মানুহে কথা কয়, পাৰিৰ পৰা মই এয়া শিকিছো। কিন্তু যেতিয়া বাস্তৱিক ক্ষেত্ৰত সমস্যাৰ দ্বাৰা ভাৰাক্ৰান্ত লোকৰ সৈতে কথা পতা হয়, তেতিয়া জনা যায় যে বাকী সকলো কথা নিলগাই ৰাখিলে তেওঁলোক সৰ্বদা উপেক্ষিত হৈ অহাৰ কথা স্পষ্ট হৈ পৰে। মোৰ কৰ্মক্ষেত্ৰ যিয়েই নহওঁক, এই অনুশীলন মই সদায়েই কৰি যাম।”

অনুবাদঃ পংকজ দাস

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।