
২০২০ৰ ছেপ্টেম্বৰ মাহৰ কথা, নিজৰ গাওঁখনৰ চাজেয়া আখতাৰেই দশম শ্ৰেণী উত্তীৰ্ণ হোৱা প্ৰথমগৰাকী ছোৱালী। “মই নিজকে কৈছিলো- ‘মই এয়া কৰিম’।”
তাই সুহামাৰ চৰকাৰী বালক হাইস্কুল এখনত পঢ়িছিল। ঘৰৰ পৰা ১০ কিলোমিটাৰ বাট বাই স্কুললৈ যাবলগীয়া হৈছিল, ৰাস্তা আছিল থিয় আৰু খুবেই কষ্টকৰ। “মই প্ৰায়েই অৱশ হৈ পৰিছিলো আৰু স্কুলৰ পৰা আহি পঢ়াত মনযোগ দিব পৰা নাছিলো। কিতাপবোৰ জপাই থৈছিলো,” ১৯ বছৰীয়া চাজেয়াই কয়।
চাজেয়াৰ মাক-দেউতাক, ৬৫ বছৰ বয়সীয়া আব্দুল গানেই হাজাম আৰু তাজা বেগম (৬০)য়ে কেতিয়াও স্কুলৰ দুৱাৰ গৰকি নাপালে। তাইৰ দুই ভায়েক, তাৰিক (৩০) আৰু মোস্তাকো (২৭) দেউতাকৰ দৰে দিনহাজিৰা কৰিবলৈ লয়। “সিহঁতে পৰিয়ালৰ কামত সহায় কৰিবলৈ দিনহাজিৰাৰ কামত লাগিবলগীয়া হ’ল,” তই কয়।
চাজেয়াৰ ডাঙৰ ভায়েক দুটা সৰু থাকোতে আটাইতকৈ ওচৰৰ স্কুলখন আছিল ওখ পাহাৰত, প্ৰায় চাৰি কিলোমিটাৰমান দূৰত্বত। তেওঁলোকৰ গাওঁখনৰ লোকসকলে তাতে স্কুল এখন হোৱাটো বিচাৰিছিল। “আমি এইখন স্কুল আৰম্ভ কৰিবলৈ বহুত কষ্ট কৰিলো। ২০০১ত আমি সঞ্চালকালয় (বিদ্যালয় শিক্ষা)ৰ কাষ চাপিছিলো আৰু ইয়াত স্কুল এখন পতাৰ কথা কৈছিলো,” পেট পুহিবলৈ আলোৱানৰ সূচিশিল্প কৰা তাৰিকে কয়। তেওঁলোকৰ আবেদন মঞ্জুৰ হ’ল আৰু ২০০২ চনত দিগনিবালত চৰকাৰী বালক প্ৰাথমিক বিদ্যালয় স্থাপন কৰা হয়। “ইয়াৰ পিছত আহিল শিক্ষক বিচৰাৰ প্ৰত্যাহ্বান,” তেওঁ কয়।


কেইবছৰমান তেওঁলোকৰ এজনেই পুৰুষ শিক্ষক আছিল, তেঁৱেই গোটেই স্কুলখনৰ শিক্ষাৰ্থীসকলক পঢ়াইছিল। কিন্তু বহুতেই ইমান ওখ পাহাৰীয়া অঞ্চলত থকা স্কুলখনত পঢ়াবলৈ যাবলৈ টান পাইছিল। ক্ষুদ্ৰ গাওঁখনৰ বয়োজ্যেষ্ঠ মঞ্জুৰ আহমেদ মিৰে কয় যেদিগনিবালত প্ৰায় ৩৫০ জন লোক আছে। স্কুলখনৰ দুটা ভৱনৰ হালধীয়া বেৰত কবি ইকবাল, নেলচন মেণ্ডেলা আৰু আন কিছুমানৰ অনুপ্ৰেৰণামূলক উক্তি লিখা আছে। স্কুলখনৰ মূল ভৱনৰ প্ৰৱেশদ্বাৰত ‘ইলমুক আগুৰ’ মানে ‘শিক্ষাৰ আলয়’ বুলি পেইণ্ট কৰা আছে। কিন্তু দুৰ্ভাগ্যৰ কথা যে ইয়াৰ পৰা উত্তীৰ্ণ হোৱাৰ পিছত কেইগৰাকীমান শিক্ষাৰ্থীয়েহে অধ্যয়ন আগবঢ়াই নিব পাৰিছে।
চাজেয়া সেইসকলৰ মাজৰে এগৰাকী যিয়ে ২০০৮ত তাত নামভৰ্তি কৰিছিল। তেওঁ কিণ্ডাৰগাৰ্টেনত আছিল আৰু স্কুলখন উন্নীত কৰি চৰকাৰী বালক মধ্য বিদ্যালয় কৰা হ’ল আৰু ৮ম মানলৈ শিক্ষাৰ ব্যৱস্থা কৰা হ’ল। বিলাল ৱানি আছিল চাজেয়াৰ শিক্ষক আৰু তাই বহুত ভাল ছাত্ৰী আছিল বুলি তেওঁ কয়।
কাশ্মীৰৰ গান্দেৰৱাল জিলাৰ দিগনিবাল ক্ষুদ্ৰ গাওঁখনত সৰু সৰু টিনৰ চালি দিয়া ঘৰ আছে, সমীপৱৰ্তী ৰাজধানী চহৰ শ্ৰীনগৰলৈ অকোৱা-পকোৱা বাটটো প্ৰায় নিৰ্জন। চাজেয়াই তেওঁৰ ছজনীয়া পৰিয়ালৰ লগত মালিক মহল্লাৰ একেবাৰে মুৰত থাকে। তেওঁলোকৰ দুটা কোঠাৰ ঘৰটো ভগা টিনেৰে ঘেৰ দিয়া আৰু আখৰোট আৰু কিকাৰৰ গছেৰে আগুৰা।
তেওঁ গাঁৱত ৮ম মানৰ পঢ়া শেষ কৰি আন দুজনী সমনীয়া ছোৱালীৰ লগত তাৰ পৰা পাঁচ কিলোমিটাৰ দূৰৰ সুহামাত থকা বালক হাইস্কুলত নামভৰ্তি কৰে। তাতে ১০ম মানৰ পঢ়া শেষ কৰে। অনুশাসনৰ নিদৰ্শনৰ কাৰণে তাই পুৰস্কাৰ পোৱাৰ কথা বৰ ফুৰ্তিৰে মনত পেলায়।

চাজেয়াই পুৱা ৬ বজাতে উঠে। ঘৰ চাফা কৰে আৰু স্কুললৈ যোৱাৰ আগতে ভাত ৰান্ধে। তেওঁৰ মাকৰ স্বাস্থ্য ভাল নহয় আৰু ঘৰখন চলোৱাৰ দায়িত্ব তাই আৰু তাইৰ ভায়েক তাৰিকৰ পত্নী হাজৰাৰ ওপৰতে পৰে। “কেতিয়াবা আমাৰ ঘৰৰ গৰু-গাইকেইটাও আমি চাব লগা হয়। যেতিয়া বৌ নাথাকে, মই সকলোখিনি কৰিব লাগে। কেতিয়াবা পুৱাৰ প্ৰাৰ্থনা মই গৈ নাপাও,” হাইস্কুলৰ দিনৰ কথা মনত পেলাই তাই কয়। কেতিয়াবা ঘৰৰ দায়িত্ব পালিবলৈ গৈ তাই স্কুলৰ পৰা ছুটিও ল’বলগীয়া হয়।
হাইস্কুলৰ শিক্ষকসকলে খুব অনুপ্ৰেৰণা যোগাইছিল। “মই ৮ম মানলৈ মহিলা শিক্ষক পোৱা নাছিলো, তাত গৈ ভালেকেইজন পালো। তেখেতসকলে আমাক গাইড দিছিল আৰু পৰামৰ্শও দিছিল। স্কুলৰ সামগ্ৰীৰ কাৰণে ১৫০ টকা দিব নোৱাৰা শিক্ষাৰ্থীসকলক সহায় কৰিবলৈ আমাৰ শিক্ষকসকলে আমাৰ শ্ৰেণীৰ নোটবোৰ স্থানীয় দোকানত এৰি গৈছিল যাতে আমি তাতে কপি কৰি ল’ব পাৰো,” তাই কয়।
চাজেয়াই যেতিয়া ১০ম মানৰ প্ৰস্তুতি চলাই আছিল, তেতিয়াই ক’ভিড-১৯ লকডাউন আৰম্ভ হয় আৰু স্কুল বন্ধ হৈ পৰে। অনলাইন পাঠগ্ৰহণৰ কোনো উপায় নাছিল, কিয়নো তাইৰ গাঁৱত ইণ্টাৰনেট সেৱা নাছিল (সেই বছৰটোৰ শেষলৈহে ইণ্টাৰনেট উপলব্ধ হয়)। “মই অনলাইন ক্লাছ কৰিব পৰা নাছিলো,” তাই কয়। পৰীক্ষাত উত্তীৰ্ণ হ’ম বুলি মন বান্ধি তাই চুবুৰীৰে চৌকাত আহমেদৰ ওচৰত সহায় বিচাৰিলে। তাইৰ গাঁৱত হাইস্কুলৰ দেওনা পাৰ কৰা তিনিজন ছাত্ৰৰ ভিতৰত তেঁৱো এজন আছিল। তেওঁ সহায়ৰ হাত আগবঢ়ালে। ওচৰৰে নিৰ্মাণ ছাইট এটাত হাজিৰা কাম শেষ কৰি আহি তেওঁ তাইক পঢ়াবলৈ ল’লে।


“২০২০ত ফলাফল ওলাল আৰু মই পাছ কৰিলো, মোৰ যে সুখৰ সীমা নাইকিয়া হৈছিল। মই এবাৰত পাছ নকৰিলে আকৌ পৰীক্ষা দিলোহেঁতেন,” গাঁৱৰ প্ৰথমগৰাকী ছোৱালীয়ে মেট্ৰিক পাছ কৰাত কেনেকৈ তাইক মাক-দেউতাক, শিক্ষকবৰ্গ আৰু চুবুৰীয়াই অভিবাদন জ্ঞাপন কৰিছিল, সেয়া মনত পেলাই মিচিকিয়াই হাঁহি তাই কয়।
“কিবা এটা তাই কৰিব পাৰিছে, আমি গৌৰৱবোধ কৰিছিলো,” তাৰিকে কয়।
বহুদূৰ বাট
কিন্তু মেট্ৰিকৰ দেওনা পাৰ কৰা এজনীয়ে ছোৱালী হোৱাত চাজেয়াই কিছুমান অসুবিধাৰো সন্মুখীন হ’ল। একাদশ শ্ৰেণীত পঢ়িবলৈ যাবলৈ তাইৰ লগ নোহোৱা হ’ল। সেইখন তাৰ পৰা পাঁচ কিলোমিটাৰ দূৰৰ খিম্বেৰত অৱস্থিত।
“স্কুলখন ইমান দূৰত আৰু মই অকলে যাব লাগিব, এইবোৰ কাৰণতে সিহঁতে (পৰিয়ালৰ লোকে) মোক পঢ়া সিমানতে এৰিবলৈ ক’লে,” তাই কয়। ২০১৯ আৰু ২০২০ত শিক্ষা মন্ত্ৰালয়ৰ তথ্য মতে সমগ্ৰ ভাৰত বৰ্ষৰ উচ্চতৰ মাধ্যমিক স্কুলৰ পৰা ১৫.১ শতাংশ ছাত্ৰীয়ে পঢ়া এৰিছে, জম্মু-কাশ্মীৰত এই হাৰ ১৬.৭ শতাংশ। দিগনিবালৰ দৰে পিছপৰা এলেকাত শিক্ষাৰ সুবিধা এতিয়াও দুৰূহ।
ইমান দূৰৰ স্কুললৈ সৰুজনী ছোৱালীক নপঠিওৱাৰ কাৰণ দৰ্শাই তাৰিকে কয়, “স্কুলখন বহুত দুৰত আৰু যাতায়তৰ কোনো সুবিধা নাই, সেয়ে আমি ভয় খাইছিলো। তাত ৰাজহুৱা যাতায়তৰ ব্যৱস্থা থকা হ’লে আমি অসুবিধা নাপালোহেঁতেন।” চাজেয়াই সেই সময়ত এনেকৈ পঢ়া এৰিবলগীয়া হোৱাত অত্যন্ত দুখ প্ৰকাশ কৰা মনত পেলায়।


তাই ভাবছিলি এয়া এবছৰৰ কথা, পিছৰ বছৰত তাইৰ বন্ধু কোনোবাই হাইস্কুলৰ পৰীক্ষা পাছ কৰিব আৰু একেলগে একাদশ শ্ৰেণীৰ বাবে পঢ়িবলৈ যাব পাৰিব। এই অপেক্ষাৰ কালচোৱাতে তাই ভায়েক তাৰিকৰ পৰা কাশ্মিৰী সূচিশিল্প চোজনি শিকে। তাই পচমিনা আলোৱানত সূচিশিল্প কৰি উপাৰ্জনত লাগে।
পৰৱৰ্তী বছৰ, ২০২১ত যেতিয়া তাইৰ বন্ধুৱে পৰীক্ষা পাছ নকৰিলে, চাজেয়াই অকলেই যোৱাৰ বাবে ঘৰত জোৰ কৰিলে। “মোৰ বন্ধুহঁতৰ মোৰ দৰে আকাংক্ষা নাই। সিহঁতে জানে যে ঘৰতেই থাকিব লাগিব আৰু আন একো উপায় সিহঁতৰ হাতত নাই। কিন্তু মই কান্দিলো আৰু হায়াৰ ছেকেণ্ডাৰীত নাম লগাই দিয়াৰ বাবে ঘৰত জোৰ কৰিলো। মোৰ পঢ়িবলৈ বৰ মন আছিল,” চাজেয়াই কয়।
একেখন গাঁৱৰে মঞ্জুৰ আহমেদ তেওঁৰ নিজৰ ছোৱালীজনীয়েই ৮ম মানৰ পিছত পঢ়া এৰিছিল, চাজেয়াৰ এই পৰিস্থিতি অস্বাভাৱিক নহয়। “মই মোৰ ছোৱালীজনীক খিম্বেৰ নাইবা বাকুৰা গাঁৱৰ স্কুলত এৰি কামলৈ যাব পাৰিলোহেঁতেন। কিন্তু স্কুল ছুটী হোৱাৰ পিছতো মই কামতে থাকিম আৰু তাইক লৈ আনিব নোৱাৰিম। তেনেকৈয়ে তাই পঢ়া এৰি ঘৰতে থাকিবলগীয়া হ’ল,” তেওঁ কয়।
২০২১ৰ মাৰ্চত, চাজেয়াই শেষত খিম্বেৰৰ বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নামভৰ্তি কৰাব পাৰিলে। তেওঁৰ দেউতাক বা ভায়েকে চাৰি কিলোমিটাৰ খোজকাঢ়ি গৈ তাইক বাকুৰালৈ লৈ যায়, তাৰ পৰা তাই একেখন স্কুলৰে তাইৰ সহপাঠীৰ লগত স্কুললৈ যায়। তাৰপৰা তাই বাছত যায় নাইবা স্কুললৈ বাকীচোৱা বাট খোজকাঢ়ি যায়। “আমি আমাৰ কাম এৰি তাইৰ লগত যাবলগীয়া হৈছিল,” তাৰিকে কয়।
চাজেয়ই শাৰীৰিক শিক্ষা, ইংৰাজী, ৰাজনৈতিক বিজ্ঞান আৰু উৰ্দু তাইৰ বিষয় হিচাপে বাচি ল’লে। “শাৰীৰিক শিক্ষা লৈছিলো, কিয়নো মই খেলা-ধূলা ভাল পাওঁ,” তাই কয়। তাই প্ৰথমবাৰৰ বাবে খেলা-ধূলা কৰিছিল। “এটা কথাই মোৰ চিন্তা লাগিছিল যে মই এজনেই আছিলো (মোৰ গাওঁখনৰ পৰা),” তাই কয়।

স্কুলত নামভৰ্তি কৰা দুমাহ পিছত স্কুলখনে ২০২১ৰ মে’ মাহত চাজেয়াক বৰ্খাস্ত কৰে। তাৰিক আৰু আব্দুলে খবৰ কৰাত গম পালে যে চাজেয়াই এবছৰ মাজত পঢ়া এৰা বাবে তাই পাঠ্যক্ৰমত যোগ দিব নোৱাৰে। “এবছৰ ড্ৰপ দিয়া শিক্ষাৰ্থীয়ে নিয়মীয়া শিক্ষাগ্ৰহণৰ বাবে অনুমতি নাই বুলি নিৰ্দেশ আহিছিল,” এয়া কিয় কৰা হ’ল আৰু আগলৈ কি কৰা হ’ব তাকে লৈ অনিশ্চয়তাত ভোগা আব্দুলে কয়।
তাৰিকে কয় যে সেই সময়ত মানুহবোৰে হাৰুদ (শৰৎ কাল)ৰ খেতিৰ কাম কৰি আছিল যেতিয়া স্কুলৰ পৰা খবৰ আহিল আৰু চাজেয়াক লৈ দেউতাকে স্কুললৈ গৈ স্কুলৰ মাচুল (১৫০০ টকা) ঘুৰাই আনিলে। “মই বহুকেইমাহ হতাশাত ভুগিছিলো,” চাজেয়াই কয়। অলপতে তাইক ডিচাৰ্জৰ প্ৰমাণপত্ৰ এখনো দিয়া হয়।
স্কুল কৰ্তৃপক্ষই কয় যে চাজেয়াই ঘৰতে পঢ়ি ব্যক্তিগত পৰীক্ষাৰ্থী হিচাপে পৰীক্ষাত বহিব পাৰিব। ইয়াৰ বাবে শ্ৰীনগৰত থকা জম্মু আৰু কাশ্মীৰ শিক্ষা ব’ৰ্ডত দৰ্খাস্ত দিব লাগিব। ২০২২ৰ জুনত এইজন প্ৰতিবেদকে খবৰ কৰা সময়ত পৰিয়ালটোৱে সেই অফিছটোলৈ যোৱা নাছিল আৰু আন স্কুলত এডমিচন কৰোৱাৰ বাবেও চেষ্টা কৰা নাছিল।
এইখিনি সময়ত চাজেয়াই বেজী-সূতাৰ কাম শিকিছে, তাৰ পৰা তাই মাহে প্ৰায় ১৫০০ টকা পায়। “স্কুলত তাইক যদি নিয়মীয়া শিক্ষাৰ বাবে অনুমতি দিলেহেঁতেন, তাই খিম্বেৰতে পঢ়ি থাকিব পাৰিলেহেঁতেন। আমি তাই দ্বাদশ শ্ৰেণীলৈ পঢ়াটো বিচাৰো। তাই কাম কৰাটো নিবিচাৰো,” তাৰিকে কয়।
এই সকলো প্ৰত্যাহ্বান স্বত্ত্বেও চাজেয়াই তাইৰ সপোনৰ পিছ এৰা নাই। তাই আৰ্ট স্কুললৈ গৈ শিক্ষক হৈ তাইৰ আশে-পাশে থকা ছোৱালীবোৰৰ শিক্ষা সম্পূৰ্ণ কৰাত সহায় কৰিব বিচাৰে। “মোৰ সমস্যা বহুত, কিন্তু সপোনো আছে,” সেইবোৰ কৰিবলৈ যে তাই দ্বাদশ শ্ৰেণীৰ পঢ়া সম্পূৰ্ণ কৰিব লাগিব, সেয়া তাই জানে। তাৰে মাজতে তাই তেনেকৈ সপোন দেখিবলৈ এৰা নাই।
পাৰিৰ হ’মপে’জলৈ উভতি যাবলৈ ইয়াত ক্লিক কৰক
Editor's note
সাবজাৰা আলি শ্ৰীনগৰৰ চৌৰাস্থিত চৰকাৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ এগৰাকী ছাত্ৰী। পাৰি এডুকেচনৰ সৈতে শিক্ষানবিচ হৈ থকা সাত মাহ সময়ত তেওঁ এই প্ৰতিবেদন প্ৰস্তুত কৰিছে।
তেওঁ কয়: “অন্তৰ্মুখী স্বভাৱৰ হোৱা বাবে মই কেতিয়াও মানুহৰ সৈতে ভালদৰে সম্পৰ্ক স্থাপন কৰিব পাৰিম বুলি ভবা নাছিলো। যোৱা কেইটামান মাহত মই ভাল শ্ৰোতা হ’ব পাৰিছো আৰু বহু কথা নতুনকৈ ভাবিব পাৰিছো। উদাহৰণ স্বৰূপে মই ভাবিছিলো যে ছোৱালীয়ে সামাজিক কালিমাৰ ভয়ত পঢ়া-শুনাত আগ নাবাঢ়ে। এই প্ৰতিবেদন প্ৰস্তুত কৰোঁতে সৰু সৰু কথা সুধি মই নতুন দৃষ্টিভংগীৰে কথাবোৰ চাবলৈ শিকিলো। ইয়ে মোক মোৰ চৌপাশে থকা জগতখনৰ সৰু সৰু কথাবোৰ ভালদৰে পৰ্যবেক্ষণ কৰিবলৈ শিকালে, যেনে ধৰক আমাৰ চৌপাশৰ বেছিভাগ স্কুলৰ নাম কিয় ‘বইজ’ স্কুল আদি।”
অনুবাদঃ পংকজ দাস
পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।